ETV Bharat / state

ABSU Press Meet: ৰঞ্জন দৈমাৰীসহ ৬৩ প্ৰাক্তন এনডিএফবি কেডাৰক মুক্তিৰ দাবী এবছুৰ - ABSU Press Meet

বিটিআৰ শান্তি চুক্তি সম্পদনাৰ পাচতো "নিয়া" ক’ৰ্টে শুনানি আৰু বিচাৰৰ নামত প্ৰাক্তন এন ডি এফ বিৰ নেতা কেডাৰসকলক বাৰাম্বাৰ হাৰাশাস্তি চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে (ABSU Press Meet) ৷

ABSU demands release of 63 former NDFB cadres
ৰঞ্জন দৈমাৰীসহ ৬৩ গৰাকী প্ৰাক্তন এন ডি এফ বিৰ কেডাৰক মুক্তিৰ দাবী এবছুৰ
author img

By

Published : May 5, 2023, 9:04 PM IST

কোকৰাঝাৰ, ৫ মে’ : বিটিআৰ শান্তি চুক্তি সম্পদনাৰ পাচতো "নিয়া" ক’ৰ্টে শুনানি আৰু বিচাৰৰ নামত প্ৰাক্তন এন ডি এফ বিৰ নেতা কেডাৰসকলক বাৰাম্বাৰ হাৰাশাস্তি চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে (ABSU Press Meet) ৷

শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয় বডোফা হাউছত এক সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে বি টি আৰৰ শান্তি চুক্তিৰ পাচতো প্ৰাক্তন এন ডি এফ বিৰ নেতা কেডাৰসকলক "নিয়া"ৰ আদালতত শুনানি আৰু বিচাৰৰ নামত হাৰাশাস্তি চলাই থকাটো দুৰ্ভাগ্যজনক আখ্যা দি প্ৰাক্তন এন ডি এফ বিৰ ওপৰত চলা হাৰাশাস্তি সহ্য কৰা নহ’ব বুলি ষ্পষ্ট কৰি দিয়ে (ABSU demands release of 63 former NDFB cadres) ৷

সংবাদমেলত প্ৰাক্তন এন ডি এফ বিৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে এবছুৱে ৷ দ্বীপেন বড়োৱে লঘু আৰু গুৰুতৰ গোচৰত অভিযুক্ত বহুত প্ৰাক্তন এন ডি এফ বিৰ নেতা-সদস্যক চুক্তিৰ দফা মৰ্মে গোচৰসমূহ নিষ্পত্তি কৰিব লাগিছিল যদিও এতিয়াও বহু গোচৰ নিষ্পত্তি হোবা নাই বুলি আক্ষেপ ব্যক্ত কৰে ৷ লগতে কয় যে বিটিআৰ শান্তি চুক্তি পাচত চুক্তিমৰ্মে প্ৰাক্তন এন ডি এফ বিৰ সকলো গোচৰসমূহ নিষ্পত্তি হ’ব লাগিছিল (ABSU demands release Ranjan Daimary) ৷

কিন্তু চিবিআইত অভিযুক্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডিত হোৱা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ লগতে জৰ্জ বড়ো , ৰিফিখাং বৰগয়াৰীসহ শীৰ্ষ সাত নেতাৰ উপৰি নিয়াৰ আদালতত বিচৰাধীন আন ৫৬ গৰাকী প্ৰাক্তন কেডাৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে ৷ সেয়ে বন্ধ কুঠৰীত থকা ৰঞ্জন দৈমাৰী সহ ৬৩ গৰাকী প্ৰাক্তন কেডাৰসকলক জে’লৰ পৰা মুকলি আকাশৰ তললৈ অনাৰ দাবী তোলে এবছুৱে ৷

দ্বীপেন বড়োৱে লগত কয়, যিহেতু চি বি আই আৰু নিয়া সংস্থা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ স্বতন্ত্ৰ সংস্থা ৷ গতিকে কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে আৰু চুক্তিৰ আধাৰত সমগ্ৰ বিষয়টো নিষ্পত্তি কৰিব লাগে বুলি ৷ ABSUয়ে উক্ত বিষয়টোকলৈ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব ৷ ইয়াৰ লগতে প্ৰাক্তন এন ডি এফ বিৰ ওপৰত নিয়াই (NIA) সময়ে সময়ে শুনানিৰ নামত মানসিক হাৰাশাস্তি চলোৱাৰ প্ৰতিবাদ কৰি অহা ২৯ মে’ত বি টি আৰৰ সদৰ কোকৰাঝাৰত এক ধৰ্ণা কাৰ্যসূচী হাতত ল’ব বুলি সদৰী কৰে ৷

ইপিনে বিটিআৰ শান্তি চুক্তি মৰ্মে ষষ্ঠ অনুসূচীৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ আশা আকাংক্ষাৰে গঠন হোৱা বড়ো কছাৰী কল্যাণ পৰিষদত বিগত তিনিটা বছৰে পৰিষদত গাঁও অন্তৰ্ভূক্তিকৰণ, সমষ্টি গঠন আৰু নিৰ্বাচন অনুষ্ঠিত নকৰাত এবছুৱে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই অহা ৮ মে’ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰকাশ কৰে ৷

অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগে ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা অৰ্থাৎ ৫ মে’ৰ পৰা ১২ মে’লৈ বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ গাঁও অন্তৰ্ভূক্তিৰ খচৰা প্ৰস্তুতিৰ ৰাইজ, দল সংগঠন, বুদ্ধিজীৱিৰ পৰা উজৰ আপত্তিৰ শুনানি জাৰি কৰিছে ৷ এইক্ষেত্ৰত এবছুৱে আজিৰ সংবাদমেলযোগে অসম চৰকৰৰ উক্ত সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰে আৰু সোনকালে পৰিষদখনত সমষ্টি নিৰ্ধাৰণ কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচন পতাৰ দাবী জনায় ৷

আনহাতে মণিপুৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে দৃঢ় পদক্ষেপ লবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে এবছুৱে ৷ আজিৰ সংবাদমেলত এবছুৰ উপসভাপতি খৌৰৌমদাও ওৱাৰী আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী সহ ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক:Sharad Pawar Update : পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ শাৰদ পাৱাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.