কোকৰাঝাৰ, 25 ছেপ্টেম্বৰ : ফেচবুকত ভুৱা একাউণ্টেৰে অশ্লীল আপডেট দি ৰঙা ঘৰত সোমাল সংখ্যালঘু ছাত্ৰনেতা ৷ সমাজক আগুৱাই নিবলৈ পণ কৰা ছাত্ৰ নেতাৰ কাণ্ডই কোকৰাঝাৰত সৃষ্টি কৰিছে চাঞ্চল্য ৷ চলিত মাহৰ 22 তাৰিখে হাচিনা বেগম নামৰ এটা ফেচবুক একাউণ্টৰ পৰা কোকৰাঝাৰৰ এগৰাকী যুৱতীক উদ্দেশ্য কৰি দিয়া হৈছিল আপত্তিজনক আপডেট ৷ পাচত যুৱতী গৰাকীয়ে আপডেটটো প্ৰত্যক্ষ কৰি কোকৰাঝাৰ সদৰ থানাত আই টি ধাৰাৰ অধীনত 836/19 নম্বৰত দাখিল কৰে এটা গোচৰ ৷
এই গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে হাচিনা বেগমৰ নামলৈ ভুৱা একাউণ্টেৰে অশালীন আপডেট দিয়া সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ মুখ্য প্ৰতিষ্ঠাপক আৰু বৰ্তমানৰ উপদেষ্টা মহিবল ইছলাম ওৰফে ৰাতুলক আটক কৰে ৷ 23 তাৰিখে মাগুৰমাৰীৰ নিজা বাসগৃহৰ পৰা ছাত্ৰ নেতাজনক আটক কৰে আৰক্ষীয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত 41(ক) জাননী জাৰী কৰি আৰক্ষীয়ে মুকলি কৰি দিয়ে মহিবল ইছলামক ৷
আনহাতে এই গোচৰটো উঠাই ল'বলৈ বিভিন্ন পক্ষই হেঁচা প্ৰদান কৰাৰ লগতে ভাবুকি দিয়া বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যুৱতীগৰাকীয়ে ৷ এইদৰে ফেচবুকত অশালীন মন্তব্যৰে শ্লীলতা হানিৰ চেষ্টা কৰা ছাত্ৰনেতা গৰাকীক উপযুক্ত শাস্তি দিয়াৰ দাবী তুলিছে ভুক্তভোগী যুৱতী গৰাকীয়ে ৷