ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিটিচি বেংগলী ফেডাৰেচনৰ - প্ৰদীপ কুমাৰ শিল

9 মাহ পূৰ্বেই অপহৃত হোৱা প্ৰদীপ শিলক উদ্ধাৰ কৰিব নোৱাৰৰ বাবে চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ প্ৰদীপ শিলক উদ্ধাৰৰ বাবে এসপ্তাহৰ সময় সীমা নিৰ্ধাৰণ কৰি দিছে সংন্থাটোৱে ৷ সংবাদল অনুষ্ঠিত কৰি প্ৰকাশ কৰে এই কথা ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ষেপ বিটিচি বেংগুলি ফেডাৰেচন

author img

By

Published : Jun 27, 2020, 6:09 AM IST

Updated : Jun 27, 2020, 7:51 AM IST

কোকৰাঝাৰ, 26 জুনঃ কোকৰাঝাৰ ছেৰফাংগুৰিৰ পৰা দুষ্কৃতিকাৰীয়ে প্ৰদীপ শিল নামৰ লোক জনক অপহৰণ কৰি নিয়াৰ 9 মাহ অতিক্ৰম কৰিলে ৷ কিন্তু আৰক্ষী-প্ৰশাসনে আজিকোপতি উলিওৱাব পৰা নাই কোনো শুংসূত্ৰ ৷ আৰক্ষীৰ বিফলতাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদ নামৰ সংস্থাটো ৷ সেয়ে শুকুৰবাৰে এক সংবাদমেল আয়োজন কৰি লোক জনক উদ্ধাৰ কৰিবলৈ চৰকাৰক এসপ্তাহৰ সময়সীমা বান্ধি দিছে ৷

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিটিচি বেংগলী ফেডাৰেচনৰ

আনহাতে বিজেপি নেতৃত্বধীন ৰাজ্য চৰকাৰখনে হিন্দু বঙালী সকলৰ দৰদী দেখুৱাই প্ৰকৃততে হিন্দু বেংগুলি সম্প্ৰদায়ৰ শ শ লোকক সন্দেহজনক নাগৰিকৰ সৈতে ডিটেনশ্যন কেম্পত ৰাখি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে ৷

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ পৰা বিগত ২০১৯ চনৰ ২২ ছেপ্টেম্বৰত প্ৰদীপ শিলত অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি নিছিল ৷ মটৰ চাইকেল গেৰেজৰ ব্যৱসায়ী প্ৰদীপ কুমাৰ শিলৰ অপহৰণ কাণ্ডই ৯ মাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্য গৃহবিভাগে শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

প্ৰদীপ কুমাৰ শিলৰ পত্নীয়ে ন'মহীয়া শিশুক কোলাতলৈ আজিও নিজ স্বামীক বিচাৰি হাহাকাৰ কৰি আছে ৷

লগতে পঢ়কঃ দৰঙত অনিদিষ্টকাললৈ সাপ্তাহিক বজাৰ বন্ধ

Last Updated : Jun 27, 2020, 7:51 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.