ETV Bharat / state

কেএলঅ’ত যোগদান কৰিবলৈ যোৱা পশ্চিম বংগৰ যুৱকসহ 6 জনক আটক - কেএলঅ’ত যোগদান কৰিবলৈ যোৱা যুৱকক আটক

সশস্ত্ৰ সংগঠন কেএলঅ’ই (Kamtapur Liberation Organisation) সদস্য ভৰ্তি অভিযান অব্যাহত ৰখাৰ সময়ছোৱাতে সশস্ত্ৰ সংগঠনটোত যোগদান কৰিবলৈ যোৱা 6 জন যুৱকক আৰক্ষীয়ে আটক কৰে ৷ শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে আটকাধীন যুৱককেইজনক লৈ কোকৰাঝাৰত উপস্থিত হয় ৷

6 youth Arrested by Kokrajhar police for Planning to Join KLO at Mon district in Nagaland
কেএলঅ’ত যোগদান কৰিবলৈ যোৱা পশ্চিম বংগৰ যুৱকসহ 6 জনক আটক
author img

By

Published : Jul 2, 2022, 4:48 PM IST

কোকৰাঝাৰ, 2 জুলাই: সশস্ত্ৰ সংগঠন কেএলঅ’ই (Kamtapur Liberation Organisation) সদস্য ভৰ্তি অভিযান অব্যাহত ৰখাৰ সময়ছোৱাতে সশস্ত্ৰ সংগঠনটোত যোগদান কৰিবলৈ যোৱা 6 জন যুৱকক আৰক্ষীয়ে আটক কৰে ৷ বৃহস্পতিবাৰ অৰ্থাৎ ৩০ জুনত অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সহযোগত নাগালেণ্ডৰ মন জিলাৰ (Mon district in Nagaland) পৰা এই যুৱককেইজনক আটক কৰিবলৈ সক্ষম হৈছিল (6 youth Arrested by Kokrajhar police for Planning to Join KLO) ৷

কেএলঅ’ত যোগদান কৰিবলৈ যোৱা পশ্চিম বংগৰ যুৱকসহ 6 জনক আটক

কেএলঅ'ক যোগদান কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক হোৱা যুৱককেইজন কোকৰাঝাৰ জিলাৰ উত্তৰ চৰাইখোলাৰ বিষ্ণু বৰ্মন (১৮), বিপ্লৱ ৰায় (২৪), বিশ্বজিত ৰায় (৩১) আৰু পশ্চিম বংগৰ অপন বৰ্মন (২৫), তাপস ৰায় (২৫) আৰু মনোজ ৰায় (২৬) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে আটকাধীন যুৱককেইজনক লৈ কোকৰাঝাৰত উপস্থিত হয় ৷

তাৰ পিছতে আটকাধীন যুৱক কেইজনৰ কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ সম্প্ৰতি কোকৰাঝাৰ সদৰ আৰক্ষীৰ জিম্মাত থকা যুৱক কেইজনক জেৰা অব্যাহত ৰখা হৈছে । উল্লেখ্য যে, কেএলঅত যোগদান কৰিবলৈ গৈ আটক হোৱা কোকৰাঝাৰৰ উত্তৰ চৰাইখোলাৰ বিষ্ণু বৰ্মন, বিপ্লৱ ৰায় আৰু বিশ্বজিত ৰায় বিগত ২৮ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷

ইয়াৰে বিষ্ণু বৰ্মনৰ পিতৃয়ে পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দিছিল ৷ ইয়াৰ পাছতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি তিনিওজন মিলি কেএলঅত যোগদান কৰিবলৈ যোৱাৰ তথ্য লাভ কৰে ৷ এই তথ্যৰ ভিত্তিতে নাগালেণ্ডৰ পৰা কোকৰাঝাৰৰ উত্তৰ চৰাইখোলাৰ তিনি যুৱকৰ লগতে কেএলঅত যোগদান কৰিবলৈ যোৱা পশ্চিম বংগৰ আন তিনিজন যুৱককো আটক কৰে (6 youth Arrested for Planning to Join KLO) ৷

লগতে পঢ়ক: তেলেংগানাৰ মুখ্য়মন্ত্ৰীয়ে সম্ভাষণ নজনালে প্ৰধানমন্ত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.