ETV Bharat / state

মিছা প্ৰলোভনেৰে বিবাহ আৰু তাৰ পাচত চৰম প্ৰতাৰণা

মিছা প্ৰলোভন দি ত্ৰিপুৰাৰ যুৱতীগৰাকীক বিয়া পাতিছিল বাহাৰুল ইছলাম মজুমদাৰ নামৰ যুৱকজনে ৷ ত্ৰিপুৰাত ৰাজমিস্ত্ৰি কৰি থাকোতে বাহাৰুলে ফোনযোগে সম্পৰ্ক গঢ়ি হাইলাকান্দি জিলাৰ কাটলিছেৰা থানাৰ অন্তৰ্গত আপিন গাঁৱলৈ আনিছিল যুৱতীগৰাকীক ৷ কিছুদিন সম্পৰ্কীয় লোকৰ ঘৰত থকাৰ পাচত 2018 চনৰ ডিচেম্বৰত আদালতত বিবাহপাশত আবদ্ধ হয় দুয়ো৷

author img

By

Published : May 17, 2019, 12:57 AM IST

Updated : May 17, 2019, 2:47 PM IST

ETV BHARAT

কাটলিছৰা , 16 মে' : প্ৰথমে ফোনত বাৰ্তালাপেৰে ত্ৰিপুৰাৰ এগৰাকী যুৱতীৰ লগত আৰম্ভ সম্পৰ্ক ৷ মিছা প্ৰলোভনেৰে বিবাহ আৰু বিবাহৰ পাচতে পলায়ন যুৱকৰ ৷ তাৰ পাচতেই যুৱকৰ পৰিয়ালৰ যুৱতীগৰাকীক অত্যাচাৰ ৷ আৰক্ষীৰ ওচৰত গোচৰ দাখিল ভুক্তভোগী যুৱতীৰ ৷ এই ঘটনা হাইলাকান্দি জিলাৰ কাটলিছেৰা আৰক্ষী থানাৰ অন্তৰ্গত আপিন গাঁৱৰ ৷

মিছা প্ৰলোভন দি বিবাহ

যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি মিছা প্ৰলোভন দি ত্ৰিপুৰাৰ এই যুৱতীগৰাকীক বিয়া পাতিছিল হাইলাকান্দিৰ বাহাৰুল ইছলাম মজুমদাৰ নামৰ যুৱকজনে ৷ ত্ৰিপুৰাত ৰাজমিস্ত্ৰি কৰি থাকোতে বাহাৰুলে ফোনযোগে সম্পৰ্ক স্থাপন কৰি হাইলাকান্দি জিলাৰ কাটলিছেৰা থানাৰ অন্তৰ্গত আপিন গাঁৱলৈ আনিছিল যুৱতীগৰাকীক ৷ কিছুদিন সম্পৰ্কীয় লোকৰ ঘৰত থকাৰ পাচত 2018 চনৰ ডিচেম্বৰত আইনীভাৱে বিবাহপাশত আবদ্ধ হয় দুয়ো ৷ কিন্তু কিছুদিন পাচতে অন্তঃসত্বা যুৱতীগৰাকীক এৰি কৰ্মসংস্থাপনৰ বাবে বাংগালুৰুলৈ যায় বাহাৰুল ৷ ইয়াৰ পাচৰে পৰা যুৱতীগৰাকীক অত্যাচাৰ চলাই আহিছে বাহাৰুলৰ পৰিয়ালৰ লোকে ৷ 15 মে' ৰ নিশাও যুৱকজনৰ পৰিয়ালৰ লোকে মাৰধৰ কৰে যুৱতীগৰাকীক ৷ ইয়াৰ পাচতে উপায়হীন হৈ কাটলিছৰা থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে ৷

Intro:SLUG:: হত্যাৰ ভাবুকি দি বিধৰ্মী চোৱালিৰ লগত বিবাহৰ পিচত অন্তসত্বা কৰি অত্যাচাৰ চলালে বাহাৰুলৰ পৰিয়ালে।Body:O/C:: পশ্চিম ত্ৰিপুৰা জেলাৰ মান্দাই থানাৰ অন্তৰ্গত মাৰিয়া দেববৰ্মন (২২) নামৰ এজনি হিন্দু ধৰ্মৰ মহিলাক মিথ্যা প্ৰলোবন দি পলাই আনি ধৰ্মান্তৰিত কৰি বিয়া পাতিছিল বাহাৰুল ইসলাম মজুমদাৰ (১৬)
উল্লেখ যে যোৱা ২৩ ডিচেম্বৰ ২০১৮ তাৰিখে ত্ৰিপুৰা ৰাজ্যত ৰাজমিস্ত্ৰি কাম কৰা ১৬ বছৰিয়া বাহাৰুলে ফোনযুগে সম্পৰ্ক কৰি মিথ্যা প্ৰলোবন দি পলাই লৈ আহে হাইলাকান্দি জিলাৰ কাটলিছেৰা থানাৰ অন্তৰ্গত আপিন গাঁওৰ নিজ ঘৰলৈ। তিনদিন ঘাৰমুৰা অঞ্চলৰ নিজৰ চিনাকিৰ ঘৰত ৰাখে মাৰিয়া দেববৰ্মনক। ২৭ ডিচেম্বৰ ২০১৮ তাৰিখে কোৰ্টত গৈ বিয়া পাতে দুজনে। ইয়াৰ উপৰি হত্যাৰ ভাবুকি দি ধৰ্মান্তৰিত কৰি আকৌ বিয়া পাতে বাহাৰুলে। কিছুমান দিন পিছত অন্তসত্বা কৰি মাৰিয়াক এৰি থৈ গুছি যায় কৰ্মসংস্থানৰ ভাবে ব্যাঙ্গালুৰু। পৰিয়ালৰ লোকে চলায় অত্যাচাৰ। প্ৰতিদিন চলায় লাথ-ঘুচি। সেয়েহে যোৱাকালি ১৫ মে ২০১৯ ৰাতি অনুমান ৭ বজাত চলে আকৌ নিৰ্জাতন। আজি ১৬ মে ২০১৯ উপায়হীন হৈ কাটলিছেৰা থানাত এখন গুচৰ ৰুজু কৰি এজাহাৰ দাখিল কৰে।Conclusion:
Last Updated : May 17, 2019, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.