কৰিমগঞ্জ,15 মে': দেশৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো কৰ'ণাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ অসমৰ প্ৰায় কেইখন জিলাতে ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷ ইয়াৰ মাজতে কৰিমগঞ্জৰ মৈনা অঞ্চলৰ একেটা পৰিয়ালৰে দুগৰাকী মহিলা ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ উল্লেখ্য যে,প্ৰায় 14 দিনৰ পূৰ্বে উক্ত পৰিয়ালটোত অনুষ্ঠিত হৈছিল ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী মহিলাৰ পুত্ৰৰ বিবাহ অনুষ্ঠান ৷ সেই বিবাহ অনুষ্ঠানৰ পৰাই ক'ভিডৰ সংক্ৰমণৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
স্থানীয় লোকে জনোৱা অনুসৰি, সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি অনুষ্ঠিত হৈছিল বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান । কিন্তু বিবাহৰ কিছুদিনৰ পাছতে ভীষণ জ্বৰ অনুভৱ হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল গীতা ধৰ চৌধুৰী নামৰ মাতৃ গৰাকীক আৰু হাস্পতালৰ ক'ভিড পৰীক্ষাত মহিলা গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছিল ৷ ইয়াৰ পাছৰে পৰা মহিলা গৰাকীৰ স্বাস্থ্য়ৰ ক্ৰমাৎ অৱনতি ঘটি বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যু হয় ৷ ইফালে স্বাস্থ্য পৰীক্ষাত ক'ভিড পজিটিভ ধৰা পৰা একেটা পৰিয়ালৰ আন এগৰাকী মহিলাৰো সংকটজনক অৱস্থাত শুকুৰবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটে ৷ ধাৰাবাহিক ভাৱে এনেদৰে একেটা পৰিয়ালৰে দুগৰাকী মহিলাৰ মৃত্যু ঘটাৰ পাছতে সেই বাসগৃহটোৰ চৌহদক কন্টেনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷
লগতে পঢ়কঃ ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা