ETV Bharat / state

ত্ৰিপুৰাত COVID-19ত আক্ৰান্ত 24 গৰাকী BSF জোৱান - BSF জোৱানৰ মাজত ব্যাপক হাৰত বৃদ্ধি পাইছে COVID-19ৰ

86 নং সীমান্তৰক্ষী বেটেলিয়ানৰ 24 গৰাকী জোৱানৰ দেহত ধৰা পৰে এই মহামাৰী ।বৰ্তমান সময়ত ত্ৰিপুৰাত COVID-19 আক্ৰান্তৰ সংখ্যা 88লৈ বৃদ্ধি পাইছে

Breaking News
author img

By

Published : May 8, 2020, 10:53 AM IST

কৰিমগঞ্জ, 8 মে': ত্ৰিপুৰাত নিয়োজিত BSF জোৱানৰ মাজত ব্যাপক হাৰত বৃদ্ধি পাইছে COVID-19ৰ আক্ৰান্তৰ সংখ্যা । ধলাই জিলাত 86 নং সীমান্তৰক্ষী বেটেলিয়ানৰ 24 গৰাকী জোৱানৰ দেহত ধৰা পৰে এই মহামাৰী । টুইট যোগে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ঘোষণা কৰে এই কথা । বৰ্তমান সময়ত ত্ৰিপুৰাত COVID-19 সংক্রমণৰ সংখ্যা 88 লৈ বৃদ্ধি পাইছে ।

TRIPURA COVID 19 UPDATE
বিপ্লব কুমাৰ দেৱৰ টুইট

যোৱা পাঁচ দিনত BSF ত COVID-19 সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে ব্যপক হাৰত বৃদ্ধি পাইছে । প্ৰথম চাৰিদিন 138 নং সদৰ দপ্তৰৰ জোৱানৰ দেহত ক্ৰমশ বৃদ্ধি পাইছিল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । ত্ৰিপুৰা ধলাই জিলাৰ আমবাসা অঞ্চলৰ 138 নং বেটেলিয়ানৰ ওচৰতেই আছে 86 নং বেটেলিয়ানৰ শিবিৰ । BSFৰ 86 নং বেটেলিয়ানত COVID-19ৰ আক্ৰান্তৰ সংখ্যা 24 জন আৰু 138 নং বেটেলিয়ানত আক্ৰান্তৰ সংখ্যা 62 জন হৈছে । জিলাখনৰ মুঠ 920 গৰাকী জোৱানৰ পৰা পৰীক্ষণৰ বাবে নমুণা সংগ্ৰহ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.