দক্ষিণ কৰিমগঞ্জ,4 জুন : নিশা বন বিভাগৰ অভিযানত জব্দ বিপুল পৰিমাণৰ অবৈধ শাল কাঠ ৷ কৰিমগঞ্জ জিলাৰ বাজাৰঘাটৰ পৰা বন বিভাগে জব্দ কৰে কাঠভৰ্তি ট্ৰাক ৷ মেঘালয়ৰ পৰা কোনো বৈধ নথি পত্ৰ অবিহনে অনা হৈছিল লক্ষাধিক টকা মূল্যৰ শাল কাঠখিনি ৷ নিশা গোপন সূত্ৰৰ পম খেদি বন বিভাগে জব্দ কৰে কাঠখিনি ৷ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হলেও গাড়ীচালকজন পলাই যাবলৈ সক্ষম হয় ৷ বৰ্তমান দোহালিয়া আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ট্ৰাকসহ অবৈধ কাঠখিনি ।
লগতে পঢ়ক: স্ব-গৃহত উপস্থিত বীৰ জোৱান নীৰজ চেত্ৰীৰ মৃতদেহ
কিন্তু ৰহস্যজনকভাবে আঞ্চলিক বন বিষয়াই ট্ৰাকখনৰ পৰা কাঠ আনলোড কৰি লুকাই থোৱা পৰিলক্ষিত হৈছে।