কৰিমগঞ্জ, 9 এপ্ৰিল : কৰিমগঞ্জ চহৰত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত এক ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হয় ৷ চহৰখনৰ নিলমনি ৰোডত সংঘটিত হয় এই চুৰিকাণ্ড ৷
জানিবপৰা মতে নিলমনি ৰোডৰ বাসিন্দা অভিনাশ পাল নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড । চোৰে ঘৰৰ দৰজা ভাঙি ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে প্ৰায় সাত লাখ নগদ ধন ৷ তদুপৰি লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে মূল্যবান সামগ্ৰী লুটি নিয়ে চোৰৰ দলটোৱে ৷
এই ঘটনাৰ পাচতে উক্ত অঞ্চলটোত এক আতংকই বিৰাজ কৰে ৷ ইতিমধ্যে কৰিমগঞ্জ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত মুখথেকেচা আছুৰ