কৰিমগঞ্জ, 22 নৱেম্বৰ: ছাত্ৰীৰ শ্লীলতাহানিৰ অভিযোগত কৰিমগঞ্জ কলেজত ব্যাপক উত্তেজনা ৷ এগৰাকী প্ৰবক্তাক আটক কৰি জোতাৰে প্ৰহাৰ ছাত্ৰ-ছাত্ৰীৰ ৷ অভিযুক্ত প্ৰবক্তাগৰাকীৰ নাম পাৰ্থ সাৰথি দাস ৷ প্ৰবক্তাগৰাকীক কলেজৰ পৰা বহিষ্কাৰ কৰাৰ দাবীত কলেজ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ছাত্ৰ-ছাত্ৰীয়ে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অহা আৰক্ষীক কলেজ চৌহদত সোমোৱাত বাধা প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীয়ে ৷
এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষ ৷ আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ ফলত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷
আৰক্ষীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ৰাজপথ অৱৰোধ কৰে ছাত্ৰ-ছাত্ৰীয়ে ৷ পিচত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্থ বিষয়াকে ধৰি দণ্ডাধীশ ৷ আৰক্ষীয়ে অশ্লীল শব্দ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীয়ে ৷
লগতে চাওক-নিৰ্মাণৰ চাৰি বছৰ পিছতো বন্ধ ৰঙিয়াৰ দ্বাৰকুছি উপ স্বাস্থ্য কেন্দ্ৰ