কৰিমগঞ্জ, 24 মাৰ্চঃ কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ ত্ৰিপুৰাত সংঘটিত হৈছে এই ঘটনা ৷ গোমতী জিলাৰ ৰাধা কিশোৰপুৰ থানাৰ অন্তৰ্গত ভাঙ্গাৰপাৰ গাঁৱত পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হয় এই ঘটনা ৷ গাঁৱখনৰ শুক্লা দাস নামৰ ব্যক্তি গৰাকীয়ে 57 বছৰীয়া পিতৃ দেবাশিস চন্দক দাৰে ঘপিয়াই হত্যা কৰে ৷
আনহাতে, ঘটনাস্থলীত ৰাধাকিশোৰপুৰ আৰক্ষী থানাৰ অধীক্ষক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰবাবেগোমতী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷