দক্ষিণ কৰিমগঞ্জ,15 মে': দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে ৰাজপথত গুণ্ডাগিৰি কৰাৰ অভিযোগ ৷ গোপী কিষাণ নামৰ এক সংস্থাৰ দুজন কৰ্মচাৰীয়ে উত্থাপন কৰিছে এই অভিযোগ।
স্থানীয় ৰাইজৰ মতে নন্দী যাদব আৰু গুচলাম আলম নামৰ দুজন কৰ্মচাৰীক মাৰপিট কৰিছিল বিধায়কগৰাকীয়ে ৷ অভিযোগ অনুসৰি কোম্পানীৰ তালিকাত নাম নথকা এখন গাঁৱত বিদ্যুৎ সংযোগ দিয়াৰ বাবে কোম্পানীটোৰ কৰ্মচাৰীক হেঁচা প্ৰদান কৰিছিল বিধায়কগৰাকীয়ে। বিধায়কৰ কথাত অমান্তি হোৱাৰ ফলতেই বিধায়কে মাৰপিট কৰিছিল বুলি জনায় কৰ্মচাৰী দুগৰাকীয়ে ৷ উল্লেখ্য যে, পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰি জামিনত আছিল বিধায়কজন।