ETV Bharat / state

দক্ষিণ কৰিমগঞ্জত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ প্ৰচাৰ অভিযান

author img

By

Published : Mar 16, 2021, 2:06 PM IST

Updated : Mar 16, 2021, 2:56 PM IST

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰাকক্ষণত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আহমেদে দক্ষিণ কৰিমগঞ্জ সমষ্টিত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ ভোটাৰৰ মন জয় কৰাৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিদিনে প্ৰয়োগ কৰিছে ন-ন কৌশল ৷

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ প্ৰচাৰ অভিযান অব্যাহত

কৰিমগঞ্জ,16 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আহমেদৰ প্ৰচাৰ অভিযান তুংগত উঠিছে । ৰাজ্যত 1 এপ্ৰিলত অনু্ষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আহমেদ ৷

এটা সময়ত এআইইউডিএফ দলে দক্ষিণ কৰিমগঞ্জ সমষ্টিটো নিজৰ দখলত ৰাখিব বিচাৰিছিল যদিও অন্তিম মুহুৰ্তত মহাজোটে কংগ্ৰেছক সমষ্টিটো এৰি দিয়াৰ দিয়াৰ বাবে দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈছে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ ইয়াৰ বাবে ছিদ্দিক আহমেদে নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷

ভোটাৰক আকৰ্ষণ কৰাৰ বাবে নিতৌ ন-ন কৌশল অৱলম্বন কৰিছে নেতাগৰাকীয়ে ৷ ইফালে, সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদে কয় যে, বিজেপিৰ দৰে সাম্প্ৰদায়িক দলক অসমৰ পৰা উৎখাত কৰাই হৈছে মহাজোঁটৰ প্ৰথম লক্ষ্য । ইয়াৰ লগতে মহাজোঁটৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত ছিদ্দিক আহমেদে কয়, দলত বহু কেইজন যোগ্য নেতা আছে, যি সকল মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য ।

অন্য এক খবৰৰ বাবে: অসম জাতীয় পৰিষদত যোগদান অভিনেত্ৰী জেৰিফা ৱাহিদৰ

Last Updated : Mar 16, 2021, 2:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.