ETV Bharat / state

উপ নিৰ্বাচনত হিমন্তই ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে : ৰকিবুল হুছেইন - Rokibul Hussain addressed a press meet at Ratabari

ৰাতাবাৰীত ৰকিবুল হুছেইনৰ সংবাদমেল ৷ বিজেপিক ক্ষুৰধাৰ সমালোচনা ৷

উপনিৰ্বাচনত হিমন্তই ইতিমধ্যে পৰাজয় চিকাৰ কৰিছে : ৰকিবুল হুছেইন
author img

By

Published : Oct 19, 2019, 11:47 PM IST

Updated : Oct 20, 2019, 8:27 AM IST

কৰিমগঞ্জ, 19 অক্টোবৰ: অহা 21 অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব লগা উপনিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত কৰিমগঞ্জৰ ৰাতাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ প্ৰচাৰৰ অন্তত শনিবাৰে বিয়লি কৰিমগঞ্জৰ ইন্দিৰা গান্ধী ভৱনত এক সংবাদ মেলৰ আয়োজন কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ সংবাদমেল যোগে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক ব্যাপক সমালোচনা কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ সংবাদমেলযোগে মূলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈ ৰকিবুল হুছেইনে কয়," অহা উপ নিৰ্বাচনত ৰাতাবাৰী সমষ্টিত ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে হিমন্তই,কিয়নো বিজেপিৰ লোকসকলে নিজৰ অপকৰ্মৰ কথা এতিয়া নিজেই গম পাইছে,যাৰ ইংগিত তেওঁ শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত দিয়া এটা পোষ্টৰ পৰা পোৱা গৈছে৷" প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিৰ্বাচনী সভাত খালী চকী দেখিয়ে পৰাজয়ৰ উমান পাইছিল বুলিও মন্তব্য কৰে ৷

কংগ্ৰেছ নেতা গৰাকীয়ে ৰাতাবাৰীত ৰাইজে দুবাৰকৈ বিজেপিৰ বিধায়ক আৰু সাংসদ জিকাই কোনো ভাল ফল লাভ কৰা নাই বুলি মন্তব্য কৰে ৷ সংবাদমেলত বিজেপিৰ মেডিকেল কলেজ বনোৱা,ছোৱালীক বিয়াৰ বাবে সোণ দিয়া আদি সকলো সাধাৰণ ভোটাৰক আভুৱা ভৰাৰ খেল বুলি গেৰুৱা দলক কটাক্ষ কৰে কংগ্ৰেছী নেতাজনে,লগতে ৰাতাবাৰীত বিজেপিয়ে সমষ্টিটোৰ নিবনুৱা যুৱকক চাকৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ প্ৰত্যুত্তৰ বিজেপিয়ে এশ মানুহকো চাকৰি দিব পৰা নাই বুলি মন্তব্য কৰে ৷

উপনিৰ্বাচনত হিমন্তই ইতিমধ্যে পৰাজয় চিকাৰ কৰিছে : ৰকিবুল হুছেইন

ইফালে,নিৰ্বাচনী প্ৰচাৰত বিজেপি দলে হেলিকপ্টাৰ উৰুৱাকলৈও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ তেওঁৰ মতে ৰাতাবাৰীৰ ৰাস্তা-পথ বিধস্ত হোৱাৰ বাবেই বিজেপি নেতাসকল পদ পথৰে আহিবলৈ অসমৰ্থ হৈছে ৷ সংবাদমেল শেষত পৰোক্ষভাৱে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়,"এসময়ত তেওঁ কৈছিল বিজেপিক ধুতি লুঙি পিন্ধা মানুহৰ ভোট নালাগে কিন্তু কংগ্ৰেছক সকলোৰে ভোট লাগে"৷
আনহাতে সংবাদমেলযোগে এন আৰ চি সন্দৰ্ভতো বিজেপিক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে লগতে তেজপুৰ কাৰাগাৰত বিদেশী হিচাপে বন্দী হৈ থকা অৱস্থাত মৃত্যু মুখত পৰা গোপান দাসৰ প্ৰসংগ টানি কয়, চৰকাৰী চৰম অমানৱীয়তাৰ নিৰ্দশন দাঙি ধৰি এতিয়াও লোৱা নাই মৃতদেহৰ দায়িত্ব ৷ গোপান দাসৰ মৃতদেহ মৃত্যুৰ পাছত 6 দিন ধৰি মৰ্গত পেলাই বিজেপি নেতা-মন্ত্ৰী এতিয়া ব্যস্ত আকাশত হেলিকপ্টাৰ উৰুৱাত ৷

Intro:Body:SLUG: ROKIBUL HUSSAIN PRESS MEET, KARIMGANJ
ৰাতাবাড়িত পৰাজয় ইতিমধ্যে স্বীকাৰ কৰি লৈছে হিমম্ত বিশ্ব শৰ্মায় | কিয়নু, বিজেপিৰ লোকসকলে নিজৰ অপকৰ্মৰ কথা এতিয়া নিজেই গম পাইছে | যাৰ বাৱে প্ৰভাবশালী মন্ত্ৰী গৰাকিয়ে ছচিয়েল মিডিয়াত হাৰৰ ইংগিত দিছে | দুদিনলৈকে ৰাতাবাড়ি উপনিৰ্বাচনৰ প্ৰচাৰ চলাই গুৱাহাটিলৈ উভতি যোৱাৰ পূৰ্বে আজি কৰিমগঞ্জৰ ইন্দিৰা এক সংবাদমেলযোগে এনে মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আহি বিজেপিৰ চুখা সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । তেঁও কয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় তেঁওৰ সভাত খালি চকি দেখি ওমান পাইছিল হাৰৰ । গতিকে ছোচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল ৰাতাবাড়িত পৰাজয়ৰ আশংকাৰ কথা ( পোষ্টটো ফেইক হোৱাৰ সম্ভাবনা ) । ৰকিবুলৰ মতে, ৰাতাবাড়িৰ ৰাইজে দুবাৰকৈ বিজেপিৰ বিধায়ক আৰু সাংসদ জিকাই কোনও ফল পোৱা নাই । পোৱা নাই মেডিকেল কলেজ পোৱা নাই বিয়াৰ বাৱে সোন । যাৰ বাৱে ৰাতাবাড়িৰ সোন নপোৱা ছোৱালিসকলে কংগ্ৰেছত বোট দিব । বিজেপি নেতাসকলে হেলিকপ্টাৰ লৈ অহাৰ মুল কাৰনো তেঁও ডাঙি ধৰে । কয়, ৰাতাবাড়িৰ বিপৰ্য্যস্থ পদবাটৰ বাৱে বিজেপি নেতা সকলে হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল । লক্ষ লক্ষ চাকুৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ৰাতাবাড়ি সমষ্ঠিত চাকুৰিই দিব পাৰা নাই । এয়াৰ বাৱে বহুতে কংগ্ৰেছৰ পৰা বিজেপিত যোগ দিলেও আজিৰ দিনত সলে কংগ্ৰেছ উভতি আহিছে । নাম লোৱাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যে কয়, তুমি ধুতি লুংগি পৰা মানুহৰ ভোট নেলাগে বুলি কৈছিলা, কিন্তু আমাৰ (কংগ্ৰেছৰ) সকলৰে ভোট লাগে ।

NRC লৈ বিজেপিক তুলাধুনা দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকিয়ে । তেজপুৰ কাৰাগাৰত বিদেশী হিচাপে বন্ধ হৈ থাকি মৃত্যু হোৱা গোপান দাসৰ প্ৰসংগ টানি কয়, মৃতদেহৰ এতিয়াও দায়িত্ব লোৱা নাই চৰকাৰে । ভাৰতীয় নাগৰিকজনক ডিটেনচন কেম্পত থৈ ৰখা হৈছিল । মৃত্যুৰ পাছত ৬দিন ধৰি মৰ্গত পৰি আছে । কিন্তু বিজেপিৰ নেতা মন্ত্ৰী হেলিপ্টাৰত উৰা মাৰি আছে ।

Conclusion:
Last Updated : Oct 20, 2019, 8:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.