ETV Bharat / state

কৰিমগঞ্জৰ কাটাখালত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

নিশা 6-7 জনীয়া ডকাইতৰ দলে ঘৰৰ দুৱাৰ ভাঙি লুটি নিয়ে সোণৰ আ-অলংকাৰসহ নগদ ধন ৷ আক্ৰমণৰ ফলত আহত ঘৰৰ গৰাকি পাৰ্থ প্ৰতিম পাল ৷

কৰিমগঞ্জৰ কাটাখালত চাঞ্চল্যকৰ ডকাইতি
কৰিমগঞ্জৰ কাটাখালত চাঞ্চল্যকৰ ডকাইতি
author img

By

Published : Nov 28, 2019, 4:53 PM IST

কৰিমগঞ্জ, 28 নৱেম্বৰ: কৰিমগঞ্জৰ কাটাখালত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ মাজ নিশা 6-7 জনীয়া ডকাইতৰ এটা দলে ঘৰৰ প্ৰৱেশদ্বাৰ ভাঙি লুটি নিয়ে সোণৰ আ-অলংকাৰসহ নগদ ধন ৷ ইপিনে ডকাইতৰ আক্ৰমণৰ ফলত আহত নিহত হয় ঘৰৰ গৰাকী পাৰ্থ প্ৰতিম পাল ৷ পৰিয়ালৰ লোকে চিঞৰ-বাখৰ কৰাত পলায়ন কৰে ডকাইতৰ দলটোৱে ৷ নিশা প্ৰায় 3 বাজি 30 মিনিটত সংঘটিত হয় হাৰ্ডৱেৰ ব্যৱসায়ী পাৰ্থ প্ৰতিম পালৰ ঘৰত ডকাইতি কাণ্ড ৷

কৰিমগঞ্জত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

মুখত ক’লা কাপোৰ বান্ধি ডকাইতৰ দলেটোৱে ঘৰৰ প্ৰৱেশ দ্বাৰ ভাঙি সকলোকে 5 মিনিটৰ বাবে মুখ বন্ধ ৰাখিবলৈ কয়। কিন্তু ইয়াতে প্ৰতিবাদ জনাবলৈ যাওতেই পাৰ্থ প্ৰতিম পালক চোকা অস্ত্ৰৰে আঘাত কৰে ডকাইতৰ দলটোৱে ৷ ফলত কিছু পৰিমাণে আঘাতৰ সন্মুখীন হয় পাৰ্থ প্ৰতিম পাল ৷ ডকাইতৰ দলটোৱে পত্নী জ্যোতি পালৰ ডিঙিৰ সোণৰ চেইন,কন্যা দুগৰাকীৰ সোণৰ চেইনৰ লগতে নগদ ২০ হাজাৰ টকা কাঢ়ি নিয়ে ৷ ইপিনে আলমাৰি ভাঙিবলৈ চেষ্টা চলাওতেই সুযোগ বুজি জ্যোতি পালে ঘৰৰ পিছফালে গৈ ওচৰ-চুবুৰীয়াক চিঞৰ বাখৰ কৰাত ডকাইতৰ দলটোৱে পলায়ন কৰে।

এই ঘটনাৰ পাছত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই ডকাইতৰ দলটোৰ ৷

লগতে চাওক-মৰিগাঁৱত ভয়ংকৰ জালিয়াতি, 40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা !

Intro:কৰিমগঞ্জৰ কাটাখালত চাঞ্চল্যকৰ ডকাইতিBody:SLUG: ROBBERY INCIDENT, KARIMGANJ
কৰিমগঞ্জৰ কাটাখালত দুঃসাহসিক ডকাইতি কাণ্ড সংঘটিত হৈছে | মাজনিশা 6-7 জনিয়া ডকাইতৰ দলে ঘৰৰ দ্বাৰ ভাংগি তাণ্ডব চলাই লুটি নিলে সোনৰ অলংকাৰ সহ নগদ ধন | আক্ৰমনৰ ফলত ঘৰৰ গৰাকি পাৰ্থ প্ৰতিম পাল আহত হৈছে | ঘৰৰ মহিলাৰ চিহৰ বাহৰ শুনি প্ৰতিবেশী সকল আহিলে পলায়ন কৰে ডকাইতৰ দলে | আৰক্ষী ঘটনাস্থলিত উপস্থিত হলেও কোনও সুংসুত্ৰ ওলাব পাৰা নাই |
ৰাতি সাড়ে তিনিটা মান বজাত কাঠাখালৰ হাৰ্ডওয়াৰ ব্যবসায়ি পাৰ্থ প্ৰতিম পালৰ ঘৰত আক্ৰমন চলায় 6-7 জনিয়া ডকাইতৰ দলে । ঘৰৰ দ্বাৰ ভাংগি তিনিজনকৈ ডকাইত ঘৰত প্ৰবেশ কৰিলে সাৰ পাই উঠে ঘৰৰ লোকসকল । সেই সময়তে মুখত কাপোৰ বান্ধি ৰখা ডকাইতৰ দলে সকলকো ৫মিনিট ঘৰৰ সকলকে মুখ বন্ধ ৰাখাৰ আদেশ দিয়ে । ইয়াতে প্ৰতিবাদ জনালে গৰাকি পাৰ্থ প্ৰতিম পালক চুখা অস্ত্ৰৰে আঘাত কৰিলে কিছু পৰিমানে আহত হয় । ডকাইতৰ দলে তেঁওৰ শিক্ষিকা পত্নী জ্যোতি পালৰ গলৰ পৰা সোনৰ চেইন, ছোৱালি দুগৰাকিৰ সোনৰ চেইন, টেবিলৰ ড্ৰয়াৰত থকা ২০ হেজাৰ নগদ ধন লৈ কাষত থকা মোবাইল লৈ আলমাৰি ভংগাত ব্যস্থ হৈ উঠে । সুযোগ বুঝি জ্যোতী পালে ঘৰৰ পিছফালে গৈ প্ৰতিবেশী সকলৰ উদ্যেশ্যে চিহৰ বাহৰ কৰিলে পাশ কাহৰ সকলো ওলাই আহে । কিন্তু সেইসময়তে ডকাইতৰ দলে লুটৰ সামগ্ৰী লৈ পলায়ন কৰে । এই ঘটনাৰ পাছত এলাকাত ব্যাপক চাঞ্চ্যৰ সৃষ্ঠি হৈছে । ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিলেও এতিয়ালৈকে কোনও সুংসুত্ৰ ওলাব পাৰা নাই | উল্লখ্য, যোৱা কেইদিনৰ পৰা কেইবাটাও চোৰি কাণ্ডৰ লগতে ডকাতিৰ ঘটনা সংঘটিত হলেও কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে এটা ঘটনাৰো সমাধান কৰিব পাৰা নাই ।
বাইট- ঘৰৰ গৰাকি আৰু পত্নী
          Conclusion:পিছে কেতিয়া আৰক্ষীয়ে ঘটনাৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰে এয়াই লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.