ETV Bharat / state

কৰিমগঞ্জত চাঞ্চল্যকৰ ডকাইতি কাণ্ড - নিলামবজাৰ এচ.ভি বিদ্যানিকেতন হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ইয়াছিন আলি

কৰিমগঞ্জ জিলাৰ নিলামবজাৰ এচ.ভি বিদ্যানিকেতন হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ইয়াছিন আলিৰ বাসগৃহৰ পৰা ছয়জনীয়া ডকাইতৰ দলে পৰিয়ালটিক মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে নগদ ধন সহ সোণৰ আ-অলংকাৰ ৷

কৰিমগঞ্জ জিলাৰ গান্ধাই দাসগ্ৰাম গাঁৱত ডকাইতিৰ ঘটনা
author img

By

Published : Oct 26, 2019, 11:13 AM IST

Updated : Oct 26, 2019, 12:43 PM IST

কৰিমগঞ্জ,26 অক্টোবৰ : শুকুৰবাৰে নিশা কৰিমগঞ্জ জিলাৰ গান্ধাই দাসগ্ৰাম গাঁৱত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ গাঁওখনৰ বাসিন্দা ইয়াছিন আলি নামৰ এগৰাকী প্ৰাক্তন অধ্যক্ষৰ ঘৰত প্ৰৱেশ কৰে 6 জনীয়া এটা ডকাইতৰ দলে ৷ ডকাইতৰ দলটোৱে পৰিয়ালটিক ভয়-ভাবুকি দেখুৱাই লুটি নিয়ে নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ ৷

কৰিমগঞ্জ জিলাৰ গান্ধাই দাসগ্ৰাম গাঁৱত ডকাইতিৰ ঘটনা

ডকাইতৰ দলটোৱে নিলামবজাৰ এচ.ভি বিদ্যানিকেতন হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ইয়াছিন আলিৰ বাসগৃহৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল ৷ ইয়াছিন আলিৰ পৰিয়ালে প্ৰকাশ কৰা অনুসৰি,ডকাইতৰ দলটোৰ হাতত আছিল চোকা অস্ত্ৰ সহ এটা AK 47 ৰাইফল ৷ ডকাইতৰ দলটোৱে প্ৰাক্তন অধ্যক্ষগৰাকীৰ মূৰত আঘাত কৰি পৰিয়ালৰ আন সদস্যসকলক বান্ধি থৈছিল ৷ পৰিয়ালৰ অন্য়ান্য সদস্য় সকলে প্ৰাণে মৰাৰ ভয়ত বহু চিঞৰ-বাখৰ কৰিছিল যদিও ঘটনাটো নিশা সংঘটিত হোৱাৰ বাবে অঞ্চলটোৰ আন কোনো লোকে ঘটনা সন্দৰ্ভত অৱগত হ'ব পৰা নাছিল ৷ ইতিমধ্যেই নিলামবজাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷ ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলবাসী আতংকিত হৈ পৰিছে ৷

Intro:Body:SLUG: DOCAITY. 

কৰিমগঞ্জ   জিলাৰ  গান্ধাই দাসগ্ৰাম গাঁওৰ যোৱা নিশা সংঘটিত হৈছে এক ৰোমহৰ্ষক  ডকাইতীৰ ঘঠনা  । গাঁওখনৰ  ইয়াছিন আলি নামৰ এগৰাকী প্ৰাক্তন অধ্যক্ষৰ ঘৰৰ পৰা নিশা ছজন ডকাইতৰ দলে লুটি নিলে 15 লাখ টকাৰ সা সামগ্ৰী । ডকাইতৰ দলটোৱে  লুটি নিলে নগদ ধন সহ সোনৰ  অলংকাৰ । নিলামবজাৰ এচ,ভি বিদ্যানিকেতন হাই স্কুলৰ প্ৰাক্তন অধ্যক্ষ ইয়াছিন আলিৰ  ঘৰৰ পাছফালৰ দৰজা ভাঙি ঘৰত প্ৰৱেশ কৰিছিল ছজনীয়া এটা ডকাইতৰ দল  । হাতত চুকা অস্ত্ৰ আৰু একে 47 সদৃশ মাৰণাস্ত্ৰ লৈ ঘৰত প্ৰৱেশ কৰাৰ সময়ত ইয়াছিন আলিয়ে গম পালে ডাইকতৰ দলটোৱে তেওঁৰ মুৰত আঘাত কৰি  ঘৰৰ সকলো সদস্যক বান্ধি থৈ চলাইছিল লুটপাত । আনকি চিঞৰ বাখৰ কৰিলে প্ৰান নাশৰ ভাবুকি প্ৰদান কৰি ঘৰৰ মূল্যবান সামগ্ৰী লুটি সুকলমে ঘৰৰ পৰা ওলাই যাবলৈ সক্ষম হয় ডকাইতৰ দলটো । ইতিমধ্যে ঘঠনাস্থলীত নিলামবজাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও ৰোমহৰ্ষক এই ডকাইতীৰ ঘঠনাক কেন্দ্ৰ কৰি এলেকাত তীব্ৰ আতংক সৃষ্টি হৈছে । উল্লেখযোগ্য যেন গাঁওখন ভাৰত বাংলাদেশ সীমান্তৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ নিলগত ।

 Date : 26.10.19 আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
Last Updated : Oct 26, 2019, 12:43 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.