কৰিমগঞ্জ,5 এপ্ৰিল : সোমবাৰে কৰিমগঞ্জ জিলাৰ বদৰপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বদৰপুৰৰ মালুয়া ৰাষ্ট্ৰীয় ঘাইপথত স্কুটি আৰু অটোৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন বাইক আৰোহী । আৰোহীজন বদৰুল ইছলাম বুলি জানিব পৰা গৈছে । লোকজনৰ ঘৰ মখই ভাঙ্গা এলেকাত ।
ইফালে, ঘটনা সংঘটিত হোৱাৰ পাচতে উপস্থিত হয় বদৰপুৰ আৰক্ষী ৷ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনকে থানালৈ লৈ যায় ৷ ইয়াৰ পাচতে মৃত আৰোহীজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় কৰিমগঞ্জ জিলা হাস্পতাললৈ ৷
অন্য এক খবৰৰ বাবে: কেৰালা হ'ব বিজেপিৰ বাবে এক কঠিন যুঁজ