ETV Bharat / state

বৰাকৰ অসমীয়া বস্তি আদৰকোনাত ৰঙালী বিহুৰ প্ৰস্তুতি - কৰিমগঞ্জ

কৰিমগঞ্জৰ আদৰকোনা ৰঙালী বিহুৰ প্ৰস্তুতি ৷ প্ৰায় 300 টা অসমীয়া পৰিয়াল বাস কৰা বৰাকৰ একমাত্ৰ অসমীয়া বসতি প্ৰধান অঞ্চলটোত বিহু কৰ্মশালাত ব্যস্ত ডেকা-গাভৰুসকলৰ লগতে জীয়ৰী-বোৱাৰী ৷

bihu-preparation-at-adarkona
আদৰকোনাত বিহুৰ প্ৰস্তুতি
author img

By

Published : Apr 11, 2021, 12:13 PM IST

কৰিমগঞ্জ, 11 এপ্ৰিল : অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক লৈ সমগ্ৰ ৰাজ্যত চলিছে ব্যাপক আয়োজন ৷ ঠায়ে ঠায়ে বিহু কৰ্মশালা, বিহুৰ আখৰাৰ ইতিমধ্যে অন্ত পৰিছে ৷ বিগত বৰ্ষত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহু উদযাপনৰ পৰা বিৰত থকা চহা অসমীয়াই এইবেলি পূৰ্ণ গতিত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

আদৰকোনাত বিহুৰ প্ৰস্তুতি

বৰাকৰ একমাত্ৰ অসমীয়া বস্তি আদৰকোনাতো চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি ৷ মান ৰজাৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা কৰিমগঞ্জৰ এই অসমীয়া বস্তি আদৰকোনাতো হেঁপাহৰ বিহুটিক লৈ পিছপৰি ৰোৱা নাই অসমীয়াসকল ৷

প্ৰায় 300 টা অসমীয়া পৰিয়ালৰ বসবাস কৰা আদৰকোনাত এতিয়া ৰঙালী বিহুক লৈ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে ৷ গাঁৱৰ জীয়ৰী-বোৱাৰী, ডেকা-গাভৰুসকল ব্যস্ত হৈ পৰিছে বিহু কৰ্মশালাত ৷ গাঁৱৰ পথাৰত ৰঙালী বিহু উপলক্ষে চলিছে বিহু কৰ্মশালা ৷

লগতে পঢ়ক : মেৰাপানীত ৰঙালীক আদৰাৰ প্ৰস্তুতি‌

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.