কৰিমগঞ্জ,4 আগষ্টঃ সোমবাৰে দেশৰ অন্য প্ৰান্তৰ লগতে কৰিমগঞ্জত জিলাতো পালন কৰা দেখা গ'ল পৱিত্ৰ ৰাখী বন্ধনৰ বিভিন্ন কাৰ্যসূচী । হৰিদ্বাৰ পতঞ্জলি যোগ পীঠৰ অধীনৰ পতঞ্জলি যুৱভাৰত দক্ষিণ কৰিমগঞ্জ ব্লকৰ ব্যৱস্থাপনাত ৰাখী পিন্ধোৱা হয় নিলাম বজাৰ আৰক্ষী চাউনিৰ আৰক্ষী সকলক ৷
হিন্দু সমাজে পূৰ্বৰে পৰা পালন কৰি আহিছে এই ৰাখী বন্ধনৰ পৰম্পৰা । সমাজত ভাতৃত্বৰ বান্ধোনেৰে স্নেহ, আত্মীয়তা নির্মাণেই হ'ল এই পৰম্পৰাৰ বৈশিষ্ট্য । সোমবাৰে এই পৱিত্ৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাতো পালন কৰা দেখা গ'ল পৱিত্ৰ ৰাখী বন্ধন । আৰক্ষী চাউনিত আয়োজিত ৰাখী বন্ধনৰ এই অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী বিষয়া মনোৰঞ্জন সিনহা, বুলবুল শইকিয়াৰ লগতে অঞ্চলটোৰ বিশিষ্ট সমাজসেৱী তথা বিজেপি নেতা নীলোৎপল দাস, পতঞ্জলি যুৱ ভাৰত দক্ষিণ কৰিমগঞ্জ শাখাৰ সভাপতি প্ৰবেন্ধু নমঃ, সম্পাদক বিপ্ৰ নাথ, কৃতি কান্ত নাথ, সংগঠন সম্পাদক প্ৰণৱ দত্ত, মেৰি নাথকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃকি হ'ব কা-আন্দোলনৰ ভৱিষ্যত ? কি কলে সংগীত শিল্পী মানস ৰবীনে ?