ETV Bharat / state

কৰিমগঞ্জত অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী সংঘটিতৰ অভিযোগ

author img

By

Published : Sep 15, 2020, 2:28 PM IST

অৰুণোদয় আঁচনিৰ নামত আৱণ্টিত সুবিধাৰ পৰা বঞ্চিত হৈছে একাংশ হিতাধিকাৰী ৷ ঘোৰামাৰা গাঁও পঞ্চায়তৰ অধীনৰ একাংশ হিতাধিকাৰীয়ে এই অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

protest against the panchayat karimganj assam etv bharat news
বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ

কৰিমগঞ্জ,15 ছেপ্তেম্বৰ: কৰিমগঞ্জত অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন কৰিছে ঘোৰামাৰা গাঁও পঞ্চায়তৰ অধীনৰ একাংশ হিতাধিকাৰীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, অৰুণোদয় আঁচনিৰ নামত আৱণ্টিত সুবিধাৰ পৰা বঞ্চিত হৈছে একাংশ হিতাধিকাৰী ৷ ইয়াৰ বিপৰীতে হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰিছে একাংশ বিজেপি দলীয় কৰ্মীয়ে ৷ বিজেপিৰ দ্বাৰা পৰিচালিত উক্ত পঞ্চায়তখনত এনেদৰে দীৰ্ঘদিনে চলি অহা অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ভূক্তভোগী ৰাইজে ৷

বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে হাতে হাতে ফেষ্টুন, প্লে-কাৰ্ড আদি প্ৰদৰ্শন কৰি ঘোৰামাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰাপ্য লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলৰ প্ৰতিবাদৰ নেতৃত্বত্ব প্ৰদান কৰে যুৱ নেতা বিশ্বজিৎ দাসে ৷ পঞ্চায়তখনৰ বিষয়া-কৰ্মচাৰীসকলৰ দাবী অনুসৰি গেৰুৱা বাহিনীত যোগদান কৰিলেহে চৰকাৰী সকলো সুবিধা গ্ৰহণ কৰিব পাৰিব ৰাইজে ৷ ইয়াৰ ফলত দেখদেখকৈ পঞ্চায়তখনত কেলেংকাৰী সংঘটিত হোৱাৰ অনুমান কৰিব পাৰি ৷

লগতে চাওকঃ বিজেপিক বাদ দি কোনেও পৰিষদ গঠন কৰিব নোৱাৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.