ETV Bharat / state

মাদ্ৰাছা বন্ধৰ বিধেয়ক গৃহীতক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

বুধবাৰে বিধানসভাত মাদ্ৰাছা বন্ধৰ বিধেয়ক গৃহীত হোৱাৰ পাচতে কৰিমগঞ্জৰ ৰাতাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাতাবাৰী ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ ৷ ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ ঐক্য মঞ্চৰ ৷

author img

By

Published : Dec 31, 2020, 8:25 AM IST

Updated : Dec 31, 2020, 8:41 AM IST

karimganj protest
কৰিমগঞ্জত প্রতিবাদ

কৰিমগঞ্জ,31 ডিচেম্বৰ : অসম বিধানসভাত বুধবাৰে গৃহীত কৰা হয় ৰাজ্যৰ চৰকাৰী মাদ্ৰাছা বন্ধৰ বিধেয়ক । ইয়াৰ পাচতে কৰিমগঞ্জৰ ৰাতাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্র প্রতিবাদ সাব্যস্ত কৰে ৰাতাবাৰী ঐক্য মঞ্চই ।

ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ঐক্য মঞ্চই ৷ বিক্ষোভ প্ৰদৰ্শনৰ সময়ত প্ৰতিবাদকাৰীসকলে চৰকাৰক তীব্র সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুর্দাবাদ ধ্বনি দিয়ে ৷

karimganj protest
কৰিমগঞ্জত প্রতিবাদ

প্ৰতিবাদকাৰীয়ে কয় যে, অসমত বিজেপি চৰকাৰখনে বলপূৰ্বকভাৱে বিধানসভাত মাদ্ৰাছা বন্ধৰ বিধেয়কখন গৃহীত কৰিছে ৷ উল্লেখ্য যে, সদনত 28 ডিচেম্বৰত এই বিধেয়কখন উত্থাপন কৰা হৈছিল । বুধবাৰে প্ৰায় দুঘণ্টাজোৰা আলোচনাৰ অন্তত বিধেয়কখন গৃহীত কৰা হয় ৷

লগতে পঢ়ক : নিশা জালুবাৰীৰ ৰাজপথত বাগৰিল কাৰ্পেট ভৰ্তি ট্ৰাক

Last Updated : Dec 31, 2020, 8:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.