ETV Bharat / state

পাথাৰকান্দিত সংখ্যালঘু পৰিয়ালৰ বাসগৃহ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ - AIUDF

পাথাৰকান্দি বিধানসভাৰ সংৰক্ষিত বনাঞ্চল ছলমনাত সংখ্যালঘু পৰিয়ালৰ ঘৰ উচ্ছেদ কৰাক লৈ বুধবাৰে কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত কংগ্ৰেছ-এআইইউডিএফ মহাঁজোটৰ নেতা-বিধায়কসকলে প্ৰতিবাদ কৰে ।

Protest against eviction in Patharkandi
পাথাৰকান্দিৰ ছলমনাত সংখ্যালঘু পৰিয়ালৰ ঘৰ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jun 10, 2021, 2:15 PM IST

কৰিমগঞ্জ,10 জুন : পাথাৰকান্দি বিধানসভাৰ সংৰক্ষিত বনাঞ্চল ছলমনাত ৩০ টাকৈ সংখ্যালঘু পৰিয়ালৰ ঘৰত উচ্ছেদক লৈ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ উঠিছে । বুধবাৰে কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদত নামিল কংগ্ৰেছ-এআইইউডিএফ মহাঁজোটৰ নেতা-বিধায়কসকল ।

ক’ভিড অতিমাৰীৰ সময়ত উচ্ছেদ বন্ধ কৰক, উচ্ছেদকলৈ ৰাজনীতি বন্ধ কৰক, বন বিভাগৰ উচ্ছেদ মানৱতা বিৰোধী আদি শ্ল’গানৰে অব্যাহত ৰাখে আন্দোলন ৷ ইয়াৰ লগতে বদৰপুৰৰ এআইইউডিএফ(AIUDF) বিধায়ক আব্দুল আজিজে তেওঁলোকৰ দাবী নামানিলে আন্দোলন এনেদৰে চলাই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজক ।

উল্লেখ্য যে, এই উচ্ছেদ বিৰোধী আন্দোলনত আন্দোলনকাৰীসকলে ক’ভিড বিধি মনা নাই বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : উচ্ছেদ অভিযানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ এবিএমছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.