ETV Bharat / state

ফেচবুকত বিতৰ্কিত পষ্ট লিখি কৰিমগঞ্জত গ্ৰেপ্তাৰ এজন - ছ’চিয়েল মেডিয়া

ছ’চিয়েল মেডিয়াত আপলোড কৰা পষ্ট সম্পৰ্কে দীৰ্ঘদিনে ৰাজ্যৰ জন সাধাৰণক সকীয়নি প্ৰদান কৰি আহিছিল অসম আৰক্ষীয়ে ৷ এই নিৰ্দেশক নেওচি কৰিমগঞ্জত এজন ব্যক্তিয়ে ফেচবুকত বিৰ্তকিত পষ্ট আপলোড কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ৷

One arrested for posting communal post on Social Media
ছ’চিয়েল মেডিয়াৰ বিতৰ্কিত পোষ্ট
author img

By

Published : Apr 9, 2020, 4:47 PM IST

কৰিমগঞ্জ,9 এপ্ৰিলঃ ফেচবুকত বিতৰ্কিত পষ্ট আপলোড কৰি ৰঙাঘৰৰ আলহী হৈছে কৰিমগঞ্জৰ এজন ব্যক্তি ৷ ব্যক্তিজনে কিছুদিন পূৰ্বে সাম্প্ৰদায়িক পষ্টৰ লগতে প্ৰধানমন্ত্ৰীৰ চিত্ৰ বিকৃত কৰি সংবাদ মাধ্যমক অশ্লীল মন্তব্য প্ৰদান কৰিছিল ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ব্যক্তিগৰাকী জিলাখনৰ বাৰইগ্ৰাম অঞ্চলৰ শ্বেৰপুৰ এলেকাৰ ব্যৱসায়ী আবু বক্কৰ বুলি জানিব পৰা গৈছে । প্ৰায় 49 বছৰীয়া ব্যক্তিজনে বহুদিনৰ পৰা সাম্প্ৰদায়িক পষ্ট আপল'ড কৰি আহিছিল ৷

ছ’চিয়েল মেডিয়াৰ বিতৰ্কিত পোষ্ট

আনহাতে, ব্যক্তিজনে চীনৰ পৰা বিয়পা কৰ’ণা ভাইৰাছ নিকী সম্প্ৰদায়ৰ মুছলমান লোকৰ জেহাদ হিচাপে ফেচবুক পষ্টত উল্লেখ কৰিছিল । উক্ত ঘটনাৰ পিছত পাথাৰকান্দি আৰক্ষীয়ে বুধবাৰে ব্যক্তিজনক আটক কৰে যদিও বিষয় সন্দৰ্ভত আৰক্ষী বিষয়া তানবীৰ আহমদে ৰহস্যজনকভাৱে মুখ খোলাৰ পৰা বিৰত আছিল ৷ আনকি কোনো ধৰণৰ গোচৰ নথকাৰ ভিত্তিত বক্কৰক মোকোলাই দিয়াৰ চিন্তা-চর্চা কৰিছিল আৰক্ষী বিষয়া জনে ৷ কিন্তু,ঘটনাৰ 18 ঘণ্টাৰ পিছতো আৰক্ষীৰ পৰা কোনো সুদুত্তৰ নাপাই এগৰাকী সচেতন নাগৰিকে ৰাজ্যৰ উচ্চপদস্থ আৰক্ষী বিষয়াক এই বিষয়ে অৱগত কৰাত এই কথা পোহৰলৈ আহে ৷

One arrested for posting communal post on Social Media
সাম্প্ৰদায়িক মন্তব্য আৰু সংবাদ মাধ্যমক অশ্লীল মন্তব্য

লগতে চাওকঃ কৰ’ণাৰ আতংকত ত্ৰস্তমান হেঁপাহৰ ৰঙালী...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.