কৰিমগঞ্জ, 29 জুনঃ কৰিমগঞ্জত সংঘটিত হত্যৰ ঘটনা ৷ অভিযোগ অনুসৰি টকাৰ বাবে নিজ ভতিজাকে হত্যা কৰিলে খুড়াকক ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ কায়স্থগ্ৰামৰ অন্তৰ্গত ছিংগাৰিয়াত ৷ জানিব পৰা মতে, খুড়াক অনিল চক্ৰৱৰ্তীৰ পৰা টকা বিচাৰিছিল ভতিজাক সুবীৰ চক্ৰৱৰ্তীয়ে ৷ কিন্তু অভিযুক্ত অনিলে বিচৰা ধৰণে খুড়াকে টকা দিব নোৱাৰাত, চোকা অস্ত্ৰৰে খুড়াকক আঘাত কৰে অনিলে ৷ এনে কাৰ্য সংঘটিত কৰিলেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত অনিল চক্ৰৱৰ্তীয়ে ৷
আহত লোকজনক চিকিৎসাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও, চিকিসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় আঘাতপ্ৰাপ্ত লোকজনৰ ৷ ইতিমধ্যে পলাতক সুবীৰ চক্ৰবৰ্তীক একাংশ স্থানীয় লোকে আটক কৰি গতাই দিয়ে নিলামবাজাৰ আৰক্ষী চকীত ৷
লগতে পঢ়কঃ গোলকগঞ্জত ভূমি বিবাদত প্ৰাণ গ'ল এজনৰ !