ETV Bharat / state

কৰিমগঞ্জত লোমহৰ্ষক হত্যাকাণ্ড - ভূমি বিবাদক কেন্দ্ৰ কৰি উপজাতীয় যুৱকৰ কুঠাৰৰ আঘাতত মৃত্যু

কৰিমগঞ্জৰ বাজাৰিছড়াত লোমহৰ্ষক হত্যাকাণ্ড । ভূমি বিবাদক কেন্দ্ৰ কৰি উপজাতীয় যুৱকৰ কুঠাৰৰ আঘাতত মৃত্যু এগৰাকী বৃদ্ধা মহিলাৰ । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত চাঞ্চল্য । ৰিংঝাৰহিং হালাম নামৰ যুৱকৰ কুঠাৰৰ আঘাতত মৃত্যু হয় সুনিতি বালা দাস নামৰ বৃদ্ধা মহিলাৰ । ইতিমধ্যে হত্যাকাৰী ৰিংঝাৰহিং নামৰ যুৱকজনৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ।

কৰিমগঞ্জত লোমহৰ্ষক হত্যাকাণ্ড
কৰিমগঞ্জত লোমহৰ্ষক হত্যাকাণ্ড
author img

By

Published : Jan 8, 2021, 10:23 AM IST

কৰিমগঞ্জ, ৮ জানুৱাৰী: কৰিমগঞ্জৰ বাজাৰিছড়াত বৃহস্পতিবাৰ বিয়লিৰ ভাগত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । কুঠাৰৰ আঘাতত বৃদ্ধা মহিলা সুনিতি বালা দাসে প্ৰাণ হেৰুৱায় । কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত মানিকবন্দ এলেকাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ।

কুঠাৰৰ আঘাতত প্ৰাণ হেৰুৱায় বৃদ্ধা সুনিতাই

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, সুনিতি বালা দাসৰ পৰিয়ালৰ সৈতে ৰিংঝাৰহিং (২৪) নামৰ এজন যুৱকৰ পৰিয়ালৰ ভূমি সংক্ৰান্তীয় বিবাদ দীৰ্ঘ দিনৰে পৰা চলি আহিছিল । বৃহস্পতিবাৰে বিবাদিত ভূমিত ৰিংঝাৰহিঙে বাঁহ কাটিবলৈ যোৱাত বাধা দিয়ে সুনিতি বালা দাসে । সুনিতিয়ে কিয় বাধা দিব ৰিংঝাৰহিঙক বুলি হাতত থকা কুঠাৰখনেৰে সুনিতিৰ মূৰত প্ৰচণ্ড জোৰে আঘাত কৰে । যাৰ ফলত থিতাতে মৃত্যু হয় বৃদ্ধা সুনিতাৰ ।

এই ঘটনাটো সংঘটিত হোৱাৰ পাচত স্থানীয় ৰাইজে বাজাৰিছড়া আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সুনিতাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পাতাললৈ প্ৰেৰণ কৰে । ইফালে ৰিংঝাৰহিঙে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ।

সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ দিশে প্ৰফুল্ল কুমাৰ মহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.