কৰিমগঞ্জ, 16মে'ঃ ক্ৰমাৎ ত্ৰিপুৰাত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ আজি পুনৰ ত্ৰিপুৰাত 11জনকৈ লোকৰ দেহত পোৱা গৈছে COVID19ৰ উপস্থিতি ৷ ইয়াৰে 7 জন হৈছে আমবাছাস্থিত 86 বি এন বি এছ এফৰ জোৱান, 2 জন গাড়ী চালক আৰু আন দুজন সাধাৰণ নাগৰিক ৷ জানিব পৰা মতে দুয়োজন লোক গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ গৈছিল ৷ টুইটাৰ যোগে এই কথা সদৰী কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷ ইপিনে, এই পৰ্যন্ত ত্ৰিপুৰাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 156 জনলৈ বৃদ্ধি হৈছে ৷
লগতে পঢ়কঃচিৰাঙত উপায়ুক্তৰ নিৰ্দেশত সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা