ETV Bharat / state

কয়লাখনিত সন্ধানহীন শ্ৰমিকৰ বাসগৃহত উপস্থিত বিধায়ক আব্দুল আজিজ - মেঘালয় কয়লা খনি দুৰ্ঘটনা

আজিলৈকে সন্ধান নোলাল বিগত 31 মে’ত মেঘালয়ৰ কয়লাখনিত আবদ্ধ হৈ সন্ধানহীন হোৱা কৰিমগঞ্জৰ আব্দুল শুকুৰৰ ৷ শ্ৰমিকজনৰ সন্ধান নাপাই এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক ৷ মঙলবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত গৈ উপস্থিত হয় বদৰপুৰৰ বিধায়ক আব্দুল আজিজ ৷

meghalaya-coal-mine-incident
কয়লাখনিত সন্ধানহীন শ্ৰমিকৰ বাসগৃহত উপস্থিত বিধায়ক আব্দুল আজিজ
author img

By

Published : Jun 2, 2021, 10:17 PM IST

কৰিমগঞ্জ, 2 জুন : আজিলৈকে সন্ধান নোলাল বিগত 31 মে’ত মেঘালয়ৰ কয়লাখনিত আৱদ্ধ হৈ সন্ধানহীন হোৱা কৰিমগঞ্জৰ আব্দুল শুকুৰৰ ৷ শ্ৰমিকজনৰ সন্ধান নাপাই এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক ৷ লোকজনৰ সন্ধান লাভৰ ভাৱে অপেক্ষা কৰি কৰি এতিয়া শোচনীয় অৱস্থা হৈ পৰিছে পৰিয়ালৰ লোকসকলৰ ৷

কয়লাখনিত সন্ধানহীন শ্ৰমিকৰ বাসগৃহত উপস্থিত বিধায়ক আব্দুল আজিজ

মঙলবাৰে কৰিমগঞ্জৰ ভিতৰুৱা এংলাৰ বজাৰত থকা দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত গৈ উপস্থিত হয় বদৰপুৰৰ বিধায়ক আব্দুল আজিজ ৷ বিধায়কগৰাকীয়ে সন্ধানহীন শ্ৰমিকজনৰ পৰিয়ালৰ পৰিস্থিতিৰ বুজ লৈ কিছু আৰ্থিক সাহাৰ্যও আগবঢ়ায় ৷ বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে ৷

উল্লেখ্য যে, সোমবাৰে মেঘালয়ৰ ছুতংগা কয়লাখনিৰ ভিতৰত কাম কৰিবলৈ সোমাইছিল কেবাজনো লোক ৷ কিন্তু হঠাৎ গাঁতৰ ভিতৰত পানী সোমোৱাত আৱদ্ধ হৈ পৰে প্ৰায় 14 জন শ্ৰমিক ৷ যাৰ পাছতে প্ৰশাসন তথা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লোক কেইজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে মেঘালয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: চিকিৎসাকৰ্মীৰ ন্যায়ৰ দাবীৰে লংকা থানাত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.