কৰিমগঞ্জ, 10 চেপ্টেম্বৰ: পুৰুষ শিক্ষকে কৰিমগঞ্জত পুৰুষ শিক্ষকে "মাতৃত্বকালীন ছুটী" পোৱাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডত ৷ কিছুদিন পূৰ্বে 940 নং উত্তৰ ঘুলছড়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কমৰুল ইছলামক মাতৃত্বকালীন ছুটী মঞ্জুৰ কৰাৰ ঘটনাই খলকনিৰ সৃষ্টি কৰিছিল ৷ অভিভাৱক তথা স্থানীয় লোকে শিক্ষা বিভাগত সংঘটিত এনে অনিয়মৰ বিৰুদ্ধে গৰজি উঠে ৷ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া মাধৱ সাহাই শিক্ষক কমৰুল ইছলামক পুনৰ যোগদানৰ বাবে বিদ্যালয়খনলৈ অনাত ৰাইজে আকৌ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উপায়বিহীন হৈ বিষয়াজনে বিদ্যালয় পৰিচালনা সমিতিৰ হাতত বিষয়টো বিবেচনা কৰাৰ দায়িত্ব দিছে ৷
বিদ্যালয় পৰিচালনা সমিতিৰ সিদ্ধান্ত এইক্ষেত্ৰত লক্ষ্যণীয় হ'ব ৷