ETV Bharat / state

উৎকোচ লোৱা বদৰপুৰৰ পাঞ্জাৱ নেচনেল বেংকৰ পৰিচালকক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 9:38 PM IST

বদৰপুৰৰ পিএনবিৰ শাখা পৰিচালকৰ ঘৰত তালাচী । প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত ঋণ প্ৰদানৰ নামত ধন লৈ ৰঙাঘৰত সোমাল শাখা পৰিচালক ।

CBI raid in PNB in Badarpur
বদৰপুৰৰ পিএনবিৰ শাখা পৰিচালক
বদৰপুৰৰ পিএনবিৰ শাখা পৰিচালক

কৰিমগঞ্জ, ২৪ নৱেম্বৰ: ৰাজ্য চৰকাৰৰ কৰ্মচাৰী নহয়, এইবাৰ ৰাষ্ট্ৰীয় বেংকৰ শাখা পৰিচালকে উৎকোচ লোৱাৰ সময়ত ধৰা পৰাত দাঙিছে হাত । চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি ৰোধৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা কঠোৰ নিৰ্দেশ দিয়াৰ পিচত নিতৌ হাত দাঙিছে বিষয়া-কৰ্মচাৰীয়ে । এইবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত পিএনবিৰ শাখা পৰিচালক পৰিল চিবিআইৰ জালত । বদৰপুৰত সংঘটিত হৈছে এই ঘটনাটো ।

ঋণ প্ৰদানৰ নামত বদৰপুৰৰ পাঞ্জাৱ নেচনেল বেংকত বৃহৎ পৰিমাণৰ ধন দাবী কৰি চিবিআইৰ জালত পৰিল শাখা পৰিচালক । শুক্ৰবাৰে পুৱা ২ বজালৈ চিবিআইয়ে বদৰপুৰৰ পঞ্জাৱ নেচনেল বেংকত চলালে অভিযান । প্ৰায় ১২ ঘণ্টা ধৰি চিবিআইয়ে চলালে এক দীঘলীয়া অভিযান । বদৰপুৰত উৎকোচ লোৱাৰ সময়ত চিবিআইৰ জালত পৰা পিএনবিৰ শাখা পৰিচালকৰ বিৰুদ্ধে এই অভিযান চলোৱা হয় ।

ইপিনে,পিএনবিৰ শাখা পৰিচালক ঘৰতো তালাচী চলাই চিবিআইৰ দলটোৱে জব্দ কৰে বহুতো নথি-পত্ৰ । অৱশেষত মাজনিশা পিএনবিৰ শাখা পৰিচালকগৰাকীক চিবিআইৰ দলে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য় যে ঋণ লোৱা লোকজনৰ পৰা উৎকোচ লোৱাৰ সময়তে কেন্দ্ৰীয় তদন্তকাৰী দলে হাতে-লোটে ধৰা পৰে পিএনবিৰ শাখা পৰিচালকগৰাকী ।

উল্লেখ্য় যে পি এম ই জি পিৰ ঋণ প্ৰদানৰ নামত উৎকোচ লোৱাৰ সময়তে শাখা পৰিচালক চিগনেশ ঝাক গ্ৰেপ্তাৰ কৰা হয়। সবিশেষ তথ্য অনুসৰি বদৰপুৰ ঘাটৰ এজন গ্ৰাহক সুৰজ মালাকাৰে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত ঋণৰ বাবে আবেদন কৰাৰ সময়ত শাখা পৰিচালকে সেই প্ৰস্তাৱ নিৰ্দিষ্ট শাখাত উপস্থিত হোৱাৰ লগে লগে গ্ৰাহকৰ পৰা নগদ ধন দাবী কৰিছিল । এজন গ্ৰাহকৰ অভিযোগ অনুসৰি প্ৰথম কিস্তিত প্ৰবন্ধকক কিছু নগদ ধন দিয়াৰ পিছত পুনৰ ১৫ হাজাৰ টকা দাবী কৰাৰ সময়ত তেওঁ চিবিআইৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে । ইয়াৰ পিছত যেতিয়া তদন্তকাৰী দলটো কৰিমগঞ্জত উপস্থিত হয় । তেওঁলোকৰ কথা মতে তেওঁ বৃহস্পতিবাৰে হিতাধিকাৰীজনে পিএনবিৰ শাখা পৰিচালকক ধন দিয়াৰ সময়তে গ্ৰেপ্তাৰ হয় ।

লগতে পঢ়ক:ভূমিৰ নথি জালিয়াতিত কোন কোন জড়িত ? ক’লে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.