কৰিমগঞ্জ, 12 মে': সামাজিক দূৰত্ব যেন এক উপহাস একাংশ নিয়ম শ্ৰষ্টাৰ বাবেই । পাথাৰকান্দি সমষ্টিৰ কলকলিঘাটত লক্ ডাউনৰ মাজতে সামজিক দূৰত্বক ভৰিৰে মোহাৰি, বিজেপি কৰ্মীয়ে উদ্বোধন কৰিলে দলীয় কাৰ্যালয় ।
উল্লেখ্য যে, প্ৰতিদিনে ক্ৰমবৰ্ধমান কৰ'ণাৰ সম্প্ৰসাৰণৰ সময়ত নিজকে ঘৰত আবদ্ধ ৰখাৰ লগতে, বিশেষ প্ৰয়োজনত বাহিৰলৈ ওলালেও সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰাই । তেনে স্থলত তদানীন্তন চৰকাৰ খনৰে একাংশ কৰ্মকৰ্তাক আকৌ চৰকাৰী নীতি-নিয়ম উলংঘা কৰা দেখিবলৈ পোৱা গ'ল ।
লগতে পঢ়কঃ চৰকাৰে শীঘ্ৰেই পূঁজি ঘোষণা কৰিব : গাডকাৰী