ETV Bharat / state

গৰু ছাগলীৰ আশ্ৰয়স্থলীলৈ পৰিণত পাথাৰকান্দিৰ এটা স্বাস্থ্য কেন্দ্ৰ! - স্বাস্থ্য কেন্দ্ৰ

উল্লেখ্য যে 2015 চনৰ 4 জানুৱাৰীত স্থাপন কৰা পাথাৰকান্দি বিধানসভা সমষ্টিৰ স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচতো মুকলি নহ'ল আজি পৰ্যন্ত ৷

গৰু ছাগলীৰ আশ্ৰয়স্থলীলৈ পৰিণত পাথাৰকান্দিৰ স্বাস্থ্যকেন্দ্ৰ
author img

By

Published : Jun 21, 2019, 5:31 PM IST

পাথাৰকান্দি,21 জুনঃ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে নিৰ্মাণ হোৱা এটা জনস্বাস্থ্য কেন্দ্ৰ,কিন্তু চৰকাৰ সলনি হোৱা পিছতো বৰ্তমানলৈ উদ্বোধন নহ'ল এই কেন্দ্ৰটো ৷ ফলত গৰু ছাগলীৰ নিৰাপদ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ অসম মিজোৰাম ত্ৰিপুৰা সীমান্তৱৰ্তী এই স্বাস্থ্য কেন্দ্ৰটো ৷

গৰু ছাগলীৰ আশ্ৰয়স্থলীলৈ পৰিণত পাথাৰকান্দিৰ স্বাস্থ্যকেন্দ্ৰ

উল্লেখ্য যে 2015 চনৰ 4 জানুৱাৰীত স্থাপন কৰা হৈছিল পাথাৰকান্দি বিধানসভা সমষ্টিৰ এই স্বাস্থ্যকেন্দ্ৰটো ৷ হাস্পতাল নিৰ্মাণৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আবন্টন দিছিল 1 কোটি 8 লাখ টকা কিন্তু ইয়াৰ পিছতো চিকিৎসাৰ বাবে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা অথবা 30 কিলোমিটাৰ দূৰৱৰ্তী বাজাৰিচৰা স্বাস্থ্য কেন্দ্ৰলৈ যাবলগা হয় বৃহত্তৰ ৰাঙ্গামাটি,বালিপিপলা,ঝেৰঝেৰী,কণটেকছড়া,খাগৰা লৈকে প্ৰায় 20খন গাঁৱৰ লোক ৷

পৰিৱৰ্তনকামী চৰকাৰৰ এনে ধৰণৰ পৰিৱৰ্তনৰ ফলত জ্বলাকলা খাইছে স্থানীয় বাসিন্দাসকলে তাৰ পিচতো যেন এখন্তেক চিন্তা কৰিবলৈ আহৰি নাই বিভাগীয় কতৃপক্ষৰ ৷ কংগ্ৰেছৰ দিনতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ল যদিও আজিলৈকে উদ্বোধন নহ'ল স্বাস্থ্যকেন্দ্ৰটো ৷ যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে সাধাৰণ ৰাইজে ৷

Intro:তৎকালীন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বশর্মা এই হাস্পাতাল নিৰ্মাণৰ বাবে আবন্তিত কৰিছিল 1 কোটি 8 লাখ টকা কিন্তু বৰ্তমান এই স্বাস্থ্য কেন্দ্ৰৰ গৰু ছাগলীৰ এক নিৰাপদ আশ্ৰয়স্থলীত পৰিণত হৈছেBody:Slug.last four years not inaugurated one phc.

কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এখন পাব্লিক হেলথ চেণ্টাৰৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈছিল।কিন্ত চৰকাৰ সলনি হোৱাৰ পিছতো আজি লৈকে উদ্বোধন হোৱা নাই পাথাৰকান্দি বিধানসভা সমষ্টিৰ অসম মিজোৰাম ত্ৰিপুৰা সীমান্তৱৰ্তী এইখন স্বাস্থ্য কেন্দ্ৰ।24 জানুৱাৰী 2015 চনত স্থাপন কৰা হৈছিল এইখন স্বাস্থ্য কেন্দ্ৰ।তৎকালীন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বশর্মা এই হাস্পাতাল নিৰ্মাণৰ বাবে আবন্তিত কৰিছিল 1 কোটি 8 লাখ টকা কিন্তু বৰ্তমান এই স্বাস্থ্য কেন্দ্ৰৰ গৰু ছাগলীৰ এক নিৰাপদ আশ্ৰয়স্থলীত পৰিণত হৈছে যদিও বৰ্তমান ইয়াত আছে ৰাষ্ট্ৰীয় নাগৰিক পুঞ্জীৰ বাবে অহা নিৰাপত্তা ৰক্ষীক।এই স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসা পৰিষেবা আৰম্ভ হলেহেঁতে অঞ্চলটোৰ হেজাৰ হেজাৰ ৰাইজ চিকিৎসা পৰিষেবা পালহেঁতেন।বৃহত্তৰ ৰাঙ্গামাটি,বালিপিপলা,ঝেৰঝেৰী,কণটেকছড়া,খাগৰা লৈকে প্ৰায় 20খন গাঁওৰ চিকিৎসা পৰিষেবাৰ অন্যকোনো মাধ্যম নাই ফলত চিকিৎসা পৰিষেবা প্ৰয়োজন হলে স্থানীয় লোকসকলৰ যাবলগীয়া হয় চুবুৰীয়া ৰাজ্যে ত্ৰিপুৰাত নহলে ত্ৰিশ কিলোমিটাৰ দূৰৱৰ্তী বাজাৰিচৰা স্বাস্থ্য কেন্দ্ৰলৈ।পিছে কেতিয়া ভাবিব স্বাস্থ্য বিভাগে ৰাইজৰ দুৰ্ভোগৰ কথা এয়া লাখ টকীয়া প্ৰশ্ন।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.