কৰিমগঞ্জ,25 ফেব্ৰুৱাৰী: কৰিমগঞ্জৰ পাথাৰকান্দিত সংঘটিত ভূমিস্খলনৰ ফলত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ লগতে মহিলাসহ এটি শিশু আহত হৈছে ৷ লিয়াকত আলী নামৰ যুৱক গৰাকী নিহত হোৱাৰ বিপৰীতে তাহেৰা বেগম নামৰ মহিলাগৰাকী আৰু মাছুমা পাৰবীন নামৰ এটি পাঁচ বছৰীয়া শিশু ভূমিস্খলনত গুৰুতৰভাৱে আহত হৈছে ৷
পাথাৰকান্দিৰ ইচাৰপাৰ নামৰ এখন গাঁৱত এই ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ঘৰুৱা কাম-কাজ কৰি থকাৰ সময়তে হঠাৎ ঘৰৰ কাষৰ এটা টিলাৰ পৰা এটা বৃহৎ অংশ আলীৰ ঘৰৰ ওপৰত খহি পৰে ৷ ফলত আলী সম্পূৰ্ণৰূপে মাটিৰ তলত সোমাই যায় ৷ ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰ কাৰ্যত নামি পৰে যদিও বিফল হৈ কটামনি আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীৰ সহযোগত এক্সকেভেটৰ লগাই মাটি খান্দি লিয়াকত আলীৰ মৃতদেহ উদ্ধাৰ কৰি গুৰুতৰভাৱে আহত মহিলা গৰাকী আৰু কণমানি শিশুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: গুজৰাটৰ মুছলমানে বিজেপিক ভোট দিয়ে, অসমৰ মুছলমানেও দিব:ৰণজিৎ কুমাৰ দাস