কৰিমগঞ্জ, 3 নৱেম্বৰঃ কৰিমগঞ্জৰ ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিজোৰাম সীমান্তৱৰ্তী সোনাপুৰ গাঁৱত ভূমি বিবাদত প্ৰাণ গ'ল এজন লোকৰ । উক্ত ঘটনাত আহত হয় কেবাজনো লোক ।
উল্লেখ্য যে, সোনাপুৰ গাঁৱৰ বাসিন্দা শাহাব উদ্দিন, জাহিৰ উদ্দিন আৰু তাহিৰ উদ্দিন নামৰ লোক কেইজন কৰ্মস্থলীলৈ যোৱাৰ সময়ত একেখন গাঁৱৰে জবৰুল হক, খলিল উদ্দিন, নজৰুল হক আৰু ময়নুল হক নামৰ চাৰিজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।
তেনে অৱস্থাত চিঞৰ বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হয় নূৰ উদ্দিননামৰ লোক জন । কিন্তু জবৰুল হক, খলিল উদ্দিন, নজৰুল হক আৰু ময়নুল হকে নূৰ উদ্দিন'ক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি গুৰুতৰ অভিযোগ অভিযোগ উত্থাপন হৈছে । ইপিনে স্থানীয় লোকে আহত কেইজনক হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও হাস্পতালত মৃত্যু হয় নূৰ উদ্দিন নামৰ লোকজনৰ । ঘটনাক কেন্দ্ৰ কৰি উভয় পক্ষই ৰাতাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাত অভিযুক্ত জবৰুল হক, খলিল উদ্দিন, নজৰুল হক আৰু ময়নুলক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ৷