কৰিমগঞ্জ, 30 আগষ্টঃ কৰিমগঞ্জৰ ৰাতাবাৰীত শিশুক হত্যা | চাৰি বছৰীয়া এটি নিষ্পাপ শিশুক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে ৷ কৌছৰ আহমেদ নামৰ চাৰি বছৰীয়া শিশুটি ৰাতিপুৱাৰে পৰা সন্ধানহীন হয় ৷ পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ খোচৰ কৰাত প্ৰতিবেশী ছাইনা বেগমৰ ঘৰৰ চোতালত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৃত শিশুটিৰ ডিঙিত ৰচি দি চেপি ধৰাৰ চিন স্পষ্ট ৷ মৃতকৰ পৰিয়ালৰ দাবী ছাইনা বেগমে কোনো অসৎ কৰ্ম কৰি থাকা কনমাণিজনে প্ৰত্যক্ষ কৰাৰ বাবেই শিশুটিক হত্যা কৰা হয় ৷
কৰিমগঞ্জৰ ৰাতাবাৰীত চাৰি বছৰীয়া শিশুক হত্যা - কৰিমগঞ্জ, 30 আগষ্টঃ
কৰিমগঞ্জৰ ৰাতাবাৰীত চাৰি বছৰীয়া শিশুক হত্যা ৷ প্ৰতিবেশী মহিলাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
কৰিমগঞ্জ, 30 আগষ্টঃ কৰিমগঞ্জৰ ৰাতাবাৰীত শিশুক হত্যা | চাৰি বছৰীয়া এটি নিষ্পাপ শিশুক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে ৷ কৌছৰ আহমেদ নামৰ চাৰি বছৰীয়া শিশুটি ৰাতিপুৱাৰে পৰা সন্ধানহীন হয় ৷ পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ খোচৰ কৰাত প্ৰতিবেশী ছাইনা বেগমৰ ঘৰৰ চোতালত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৃত শিশুটিৰ ডিঙিত ৰচি দি চেপি ধৰাৰ চিন স্পষ্ট ৷ মৃতকৰ পৰিয়ালৰ দাবী ছাইনা বেগমে কোনো অসৎ কৰ্ম কৰি থাকা কনমাণিজনে প্ৰত্যক্ষ কৰাৰ বাবেই শিশুটিক হত্যা কৰা হয় ৷
চাৰি বছৰিয়া এটি নিষ্পাপ শিশুক হত্যা কৰাৰ অভিযোগ উত্থাপিত হল এগৰাকি মহিলাৰ উপৰত । মহিলা গৰাকিৰ চৌতালত উদ্ধাৰ হোৱা মৃত শিশুৰ গলত ৰচিডাল দি চেপি ধৰাৰ চিন স্পষ্ট । ঘটনা কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্ঠিৰ জালালাবাদ গাঁওৰ । পৰিৱালৰ অভিযোগৰ ভিত্তিত মহিলা গাৰকিক আৰক্ষীয়ে গ্ৰেফতাৰ কৰি আদালতত গতাই দিলে ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰন কৰে অভিযুক্ত মহিলা গৰাকিক । মৃতকৰ পৰিৱালৰ দাবি, প্ৰতিবেশী মহিলাগৰাকি অসত্ চৰিত্ৰৰ । কনমানিজনে আপত্তিকৰ কোনও দৃশ্য দেখি ললে ঘটনা গাপ দিয়াৰ বাৱে গলত ৰচিডাল দি আঁটি মাৰি পেলায় । কৌছৰ আহমেদ নামৰ চাৰি বছৰিয়া শিশুটিক পোৱাৰ পৰাই বিচাৰি নেপাই পৰিৱালৰ লোকে ইফাল সিফাল বিচাৰিলে প্ৰতিবেশী ছাইনা বেগমৰ ঘৰৰ চৌতালত উদ্ধাৰ হল মৃতদেহ । খবৰ পাই ঘটনাস্থলিত উপস্থিত হয় আৰক্ষী । পিছে কৌছৰৰ খুড়া ছাব্বিৰ আহমদে প্ৰতিবেশী ছাইনা বেগমক হত্যাকাৰি চিহ্নিত কৰি ৰাতাবাড়ি থানাত গোচৰ তৰে । উল্লখ্য, স্বামী শিলচৰত কৰ্মৰত থকাৰ ফলত ঘৰত অকলে থাকে ছাইনা বেগম । কৌছৰৰ খুড়া ছাব্বিৰ আহমদৰ বিবৰন মতে, ছাইনা বেগমৰ চৰিত্ৰ ভাল নহয় । কোনও অসত্ কৰ্ম কৰি থাকতে কনমানিজনে দেখি পেলালে তেঁওক হত্যা কৰা হয় । এই মৰ্মে গোচৰ দাখিল কৰিলে ৰাতাবাড়ি আৰক্ষীয়ে মহিলাগৰাকিক গ্ৰেফতাৰ কৰি শোধপোছ চলাই আজি আদালতত গতাই দিয়ে । কৰিমগঞ্জৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতে ১৪ দিনৰ বাৱে জেললৈ প্ৰেৰন কৰে । ঘটনা সন্ধৰ্ভত ৰাতাবাড়ি থানাৰ অচি সুবল তালুকদাৰে এনেদৰে কয়.......।
Conclusion:ইয়াৰ লগত আৰু কোনো জড়িত আছে নিকী এয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।