ETV Bharat / state

কৰিমগঞ্জত জিলা কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Feb 9, 2021, 4:25 PM IST

মঙলবাৰে কৰিমগঞ্জ জিলা কংগ্ৰেছে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতীকি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৰিমগঞ্জৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

as_kmj_district-congress-protest-to-increase-daily-wage-of-tea-tribes_imh_as10036
কৰিমগঞ্জত জিলা কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

কৰিমগঞ্জ,9 ফেব্ৰুৱাৰী: কৰিমগঞ্জত জিলা কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ মঙলবাৰে কৰিমগঞ্জতো জিলা কংগ্ৰেছে প্ৰতীকী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৰিমগঞ্জৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ এই কাৰ্যসূচীত বৰাক চাহ শ্ৰমিক নেতা তথা জেষ্ঠ কংগ্ৰেছী নেতা মণিলাল গোৱালাৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷

উল্লেখ্য যে,বিগত 6 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত হৈ ৰাজ্যৰ চাহ শ্ৰমিকসকলক 3000 কৈ টকা প্ৰদান কৰিছিল ৷ কিন্তু নিজৰ চাৰে চাৰিবছৰীয়া শাসনকালত চাহ শ্ৰমিকসকলৰ সকলো সমস্যাক উপলুঙা কৰি কেৱল ভোটবেংকৰ ৰাজনীতি কৰি অহা দলটোৰ এই পদক্ষেপক সমালোচনা কৰিছিল কংগ্ৰেছে ৷ দলটোৰ অভিযোগ চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰা চৰকাৰখনে কেৱল নিৰ্বাচনৰ স্বাৰ্থতহে চাহ শ্ৰমিকসকলক এই মাননি প্ৰদান কৰিছে ৷

লগতে পঢ়ক-কোকৰাঝাৰত পুনৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.