ETV Bharat / state

কৰিমগঞ্জত চিকিৎসক বিচাৰি ৰাইজৰ প্ৰতিবাদ - চিকিৎসকবিহীন স্বাস্থ্য কেন্দ্ৰ

চিকিৎসকবিহীন স্বাস্থ্য কেন্দ্ৰটোত অঞ্চলটোৰ ৰাইজৰ বাবে স্বাস্থ্যকেন্দ্ৰটোত থকা ফাৰ্মাচিষ্ট জনেই একমাত্ৰ ভৰষা বিপদে আপদে ৷

কৰিমগঞ্জত চিকিৎসক বিচাৰি ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Sep 19, 2019, 3:06 PM IST

বদৰপুৰ, 19 চেপ্তেম্বৰঃ কৰিমগঞ্জত স্বাস্থ্য বিভাগত চৰম অৰাজকতাৰ অভিযোগ। কৰিমগঞ্জৰ বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ দাবীত ৰাইজৰ অৱস্থান ধৰ্মঘট বৃহস্পতিবাৰে। কৰিমগঞ্জৰ বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘ সময় ধৰি স্থায়ী চিকিৎসক নথকাৰ ফলত বহু সময়ত স্বাস্থ্য কেন্দ্ৰটোলৈ অহা ৰোগী ঘূৰি যাবলগীয়া হয় ৷ চিকিৎসকবিহীন স্বাস্থ্য কেন্দ্ৰটোত অঞ্চলটোৰ ৰাইজৰ বাবে স্বাস্থ্যকেন্দ্ৰটোত থকা ফাৰ্মাচিষ্ট জনেই একমাত্ৰ ভৰষা বিপদে আপদে ৷ চিকিৎসকৰ অনুপস্থিতিত ফাৰ্মাচিষ্টজনেই সম্পাদন কৰিবলগা হৈছে চিকিৎসকৰ দায়িত্ব যাৰ বাবে চিকিৎসক বিচাৰি অঞ্চলটোৰ ৰাইজে বৃহস্পতিবাৰে প্ৰতিবাদত নামিবলগীয়া হ'ল ৷

KARIMGANJ DOCTORS LESS A HOSPITAL PUBLIC PROTEST
ফাৰ্মাচিষ্ট জনেই একমাত্ৰ ভৰষা বিপদে আপদে

বিগত কেইদিন মান পূৰ্বে এজন চিকিৎসকক স্বাস্থ্য কেন্দ্ৰটোত নিয়োগ কৰিছিল যদিও কোন অজ্ঞাত কাৰণত সেই চিকিৎসকজনকো স্বাস্থ্য বিভাগে বদলি কৰি আন ঠাইলৈ লৈ যায় ৷ ফলত পুনৰ বিপদত পৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷ ৰাইজৰ বহুবাৰ প্ৰতিবাদৰ পিচতো চিকিৎসকজনক নিযুক্তি দি পুনৰ বদলি কৰি লৈ যোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

কৰিমগঞ্জত চিকিৎসক বিচাৰি ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে অসম বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক আমিনুল ইছলামক এই সম্পৰ্কত অঞ্চলটোৰ ৰাইজে বহুবাৰ অভিযোগ কৰিছে যদিও কোনো ফল পোৱা নাই । স্বাস্থ্য বিভাগৰ দৃষ্টি আকৰ্ষণৰ বাবে বদৰপুৰৰ ৰাইজ বৃহস্পতিবাৰে প্ৰতিবাদত বহে স্বাস্থ্য কেন্দ্ৰটোৰ সন্মুখত ৷ তেওঁলোকৰ দাবী শীঘ্ৰে যদি স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিযুক্তি নিদিয়ে তেনেহ'লে অনাগত দিনত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে৷

Intro:চিকিত্সকৰ দাৱী ৰাইজৰ প্ৰতিবাদ । Body:বদৰপুৰ: - কৰিমগঞ্জৰ স্বাস্থ্য বিভাগত চৰম অৰাজকতা দেখা গৈছে । কৰিমগঞ্জৰ বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিত্সকৰ দাৱীত ৰাইজৰ অবস্থান ধৰ্মঘ্ট । উল্লেখ্য কৰিমগঞ্জৰ বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘ সময় ধৰি স্থায়ী চিকিত্সক নাই যাৰ ফলত দুৰ্ভোগত পৰিছে ৰোগী সকলয়ে । যোয়া কৈইদিন আগতে চিকিত্সকৰ দাৱীত ৰাইজে প্ৰতিবাদৰ পিছত কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ পৰা অকল এজন চিকিত্সক ইয়াত দায়িত্ব দিলে কিন্ত আজি সাত দিনৰ পৰা আকৌ সেই চিকিত্সকক তাৰ পৰা কৰবাত ট্ৰন্চপাৰ কৰিলে এতিয়া চিকিত্সকহীন হৈ পৰিছে এই হাসপাতাল। বুধবাৰে চিকিত্সকৰ দাৱীত বদৰপুৰ ৰাইজে হাসপাতালত অবস্থান ধৰ্মঘ্ট বহে । তেওঁ লোকেৰ অভিযোগ কৰিমগঞ্জৰ স্বাস্থ্য বিভাগ ৱদৰপুৰ ৰাইজক সাসুবিধা দিবলৈ ব্যাৰ্থ বাৰ বাৰ অভিযোগ কৰাৰ পাছত কোন স্থায়ী সমাধানৰ ব্যবস্থা নকৰে । সম্প্ৰতি অসম ৱিধানসভাৰ অধ্যক্ষ আমিনুল ইছলামক এনে অভিযোগ কৰিলে কোন ফল পোৱা নাই । আৰু কলে আজি গৌহাটীত 130জন চিকিত্সকক নিয়োগ পত্ৰ প্ৰদান কৰিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাই আজি তেওঁ লোকে আন্দোলনত বহিছে যেতিয়া লৈকে বদৰপুৰ হাসপাতালত চাৰি জন চিকিত্সকক নিয়োগ দিয়া নহব তেওঁ লোকে অবস্থান ধৰ্মঘ্ট কৰি যাবলৈ সংকল্প কৰিলে ।
চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টে চলিয়াছে হাসপাতালখন । আৰু দীৰ্ঘ সময় ধৰি বন্ধ হৈ পৰিছে ইনডোৰ পৰিসেবা । স্বাস্থ্য বিভাগৰ উন্নয়নৰ বাবে হাজাৰ হাজাৰ টকাৰ খৰচ কৰিলে ও বদৰপুৰৰ ৰাইজে কোন ফল পোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতি প্ৰতিবাদকাৰি সকলয়ে ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:এতিয়া স্বাস্থ্য মন্ত্ৰী কি ব্যৱস্থা গ্ৰহণ কৰিব ইটু হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.