কৰিমগঞ্জ,27 মে’ : কৰিমগঞ্জৰ উত্তৰ বান্দৰকোনা গাঁৱত বুধবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ জানিব পৰা মতে, পত্নীৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই পত্নীক ডিঙি চেপি হত্যা কৰিলে নিজ স্বামীয়ে ৷
স্বামী জবৰুল ইছলামে নিজৰ ঘৰতেই পত্নী ছালেহা বেগমক শাৰীৰে ডিঙি ৰেপি হত্যা কৰি নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । ইয়াৰ পাচতে ছালেহা বেগমৰ পৰিয়ালৰ ফালৰ পৰা আৰক্ষী থানাত ৰুজু কৰা হয় এক গোচৰ । বৃহস্পতিবাৰে অভিযুক্ত স্বামী জবৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : গহপুৰত কাছৰ মাংসৰ সৈতে আটক দুজন