ETV Bharat / state

প্ৰথমে প্ৰৱক্তাৰ বিৰুদ্ধে শ্লীলতাহানি অভিযোগ তাৰ পাচত ছাত্ৰীৰ সুৰ-সলনি ! - কৰিমগঞ্জত ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা প্ৰবক্তাৰ

এগৰাকী কলা শাখাৰ ছাত্ৰীক এগৰাকী বিজ্ঞান শাখাৰ প্ৰৱক্তাই শ্ৰেণী কোঠাৰ ভিতৰত কেনেকৈ যৌন আতিশায্য চলাব সেইয়া চিন্তনীয় বুলি মন্তব্য কৰে সচেতন মহলে

কৰিমগঞ্জত ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা প্ৰবক্তাৰ
author img

By

Published : Nov 24, 2019, 9:00 PM IST

কৰিমগঞ্জ, 24 নৱেম্বৰঃ কৰিমগঞ্জ কলেজৰ ছাত্ৰী শ্লীলতাহানিৰ ঘটনাৰ নতুন মোৰ ৷ 24 ঘণ্টাৰ ভিতৰত সুৰ সলালে শ্লীলতাহানিৰ অভিযোগ অনা ছাত্ৰীয়ে ৷ থানাৰ লক-আপত বন্দী হৈ থকা প্ৰৱক্তাৰ সৈতে আলোচনা মৰ্মে ঘটনাৰ নিষ্পত্তিৰ দাবী কৰি আদালতত লিখিভাৱে আৱেদন জনাই ছাত্ৰী গৰাকীয়ে ৷

কৰিমগঞ্জত ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা প্ৰবক্তাৰ

উল্লেখ্য যে, 22 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে কৰিমগঞ্জ কলেজৰ ঘটনাক লৈ সমগ্ৰ বৰাক উপত্যকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ কৰিমগঞ্জ মহাবিদ্যালয় এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালখনৰ প্ৰবক্তা পাৰ্থ সাৰথি দাসৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ উত্থাপন কৰে ৷ ছাত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিতে অভিযুক্ত প্ৰৱক্তা পাৰ্থ সাৰথি দাসক আটক কৰে আৰক্ষীয়ে ৷ দেওবাৰে প্ৰৱক্তা গৰাকীক আদালতত হাজিৰ কৰা হয় যদিও ছাত্ৰী গৰাকীয়ে আদালতত লিখিতভাবে অভিযুক্তৰ সৈতে বুজাবুজি হৈছে বুলি জানিবলৈ দিয়ে ৷ আৰু ছাত্ৰী গৰাকীৰ প্ৰবক্তাৰ বুজাবুজিৰ ভিত্তিতে জামিন মঞ্জুৰ কৰে আদালতে ৷

আনহাতে, ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাক ভেলীত ৷ দুদিন পূৰ্বে ছাত্ৰী গৰকীৰ শ্লীলতাহানি কৰা বুলি অভিযোগ কৰা ছাত্ৰী গৰকীয়ে কিহৰ ভিত্তিত প্ৰৱক্তা গৰাকীৰ সৈতে মীমাংসা হ'ল সেয়া প্ৰশ্ন উত্থাপন কৰিছে একাংশই ৷ তাৰোপৰি এগৰাকী কলা শাখাৰ ছাত্ৰীক এগৰাকী বিজ্ঞান শাখাৰ প্ৰৱক্তাই শ্ৰেণী কোঠাৰ ভিতৰত কেনেকৈ যৌন আতিশায্য চলাব সেইয়া চিন্তনীয় বুলি মন্তব্য কৰে সচেতন মহলে ৷

Intro:কৰিমগঞ্জ কলেজৰ ৰহস্যজনক শ্লীলতাহানিৰ ঘটনাৰ ৰহস্যজনক আপোষBody:SLUG: UNPRECEDENT VERDICT BY COURT ON PROFESSOR MOLESTATION CASE, KARIMGANJ
২৪ ঘন্টাৰ ভিতৰতে সুৰ সলালে শ্লীলতাহানিৰ অভিযোগ অনা ছাত্ৰীয়ে । থানাৰ লকআপত বন্দি থকা প্ৰবক্তাৰ সৈতে আলোচনামৰ্মে ঘটনাৰ নিষ্পত্তিৰ দাবি কৰি আদালাতত লিখিভাৱে হলফনামা ও জমা দিছিল কলেজ ছাত্ৰীয়ে । ইয়াৰ ফলতে জামিন অযোগ্য ধাৰাত নাটকীয়ভাবে জামিন লাভ কৰিছিল প্ৰবক্তায় ।

শুকুৰবাৰৰ কৰিমগঞ্জ কলেজৰ ঘটনা লৈ সমগ্ৰ বৰাক উপত্যকাত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হলেও শণিবাৰে একেদৰে জামিন লাভৰ ঘটনা লৈ সৃষ্ঠি হয় চাঞ্চল্য । কিয়নু ঘটনাৰ কেইছ্ ডাইৰি কল্ নকৰাকৈ আদালতে প্ৰায় একপক্ষিয়াভাবে প্ৰথমতে জামিন নামঞ্জুৰ ইয়াৰ পিছতে মঞ্জুৰ কৰিলে জামিন ।
শুকুৰবাৰে এগৰাকি ছাত্ৰীয়ে প্ৰবক্তাৰ উপৰত শ্লীলতাহানিৰ অভিযোগ উত্থাপনৰ পিছত উত্তপ্ত হৈ উঠে কৰিমগঞ্জ মহাবিদ্যালয় চৌহদ । ব্যাপক উত্তেজনাৰ মাজত ছাত্ৰীৰাকিয়ে আন সতিৰ্থৰ সৈতে মিলি কলেজৰ অধ্যক্ষৰ কক্ষতে প্ৰবক্তা পাৰ্থ সাৰথী দাসক জোতাপিটন দিয়ে । আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ গলে আৰক্ষীৰ সৈতেও সংঘৰ্ষৰ সৃষ্ঠি হয় ছাত্ৰছাত্ৰীৰ । প্ৰবক্তাক গ্ৰেপ্তাৰৰ পিছত থানাৰ লকাপতে কটাব লগা হয় নিশা ।
পৰবৰ্তী সময়ত কৰিমগঞ্জৰ আদালতত সংঘটিত হয় এক নজিৰবিহীন ঘটনা | ভাৰপ্ৰাপ্ত কৰিমগঞ্জৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতে 354, 354A,1(i)(ii)(iii) ধাৰাত অভিযুক্ত থকাৰ বাৱে প্ৰথমে জামিন নামঞ্জুৰ কৰি কাৰাগাৰত প্ৰেৰন কৰে প্ৰবক্তা গৰাকিক । ইয়াৰ কিছু সময় পাছত প্ৰবক্তাৰ উপৰত শ্লীলতাহানিৰ অভিযোগ আৰু প্ৰবক্তাক শাৰীৰিক নিগ্ৰহ কৰা ছাত্ৰীয়ে আদালতত লিখিতভাবে অভিযুক্তৰ সৈতে বুঝাপৰা হৈছে বুলি জনালে প্ৰায় ২ঘন্টা পিছত পুনৰ জামিন মঞ্জুৰ কৰি কাৰাগাৰৰ পৰা মুকুলি কৰি দিয়ে প্ৰবক্তাগৰাকিক | এই ক্ষেত্ৰত ছি.ডি. কল্ নাইবা চাৰ্জশ্বিট আনকি কি অভিযোগ স্থাপন কৰা হৈছে এয়া একৌই চোৱা হোৱা নাই । এনদৰে জামিন দিয়া লৈ অধিবক্তা সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হয় | যদিও চৰকাৰি অধিবক্তায় দাবি কৰে সকলো ধাৰা আছিল জামিনযোগ্য ।।।।।।।।।।।।।।।।।।
কিন্তু প্ৰবক্তা গৰাকিৰ অধিবক্তাৰ বক্তব্য, যদিও তেঁওৰ মক্কলে জামিন লাভ কৰিছে কিন্তু কৰিমগঞ্জৰ আদালতত এনেদৰে ঘটনা আগতে তেও দেখা কিংবা শুনা নাছিল ।
যৌন আতিশয্যৰ অভিযোগৰ প্ৰেক্ষিত কলেজ অধ্যাপকক চেন্ডেল দি কোৱাহল । মোবাইলত ৰোকৰ্ডিং কৰি এয়া ভাইৰেল কৰোৱা হল অথচ পিছদিনা ছাত্ৰীয়ে সাধাৰন ভাবে আদালতত সমঝতাৰ কথা উল্লেখ কৰি লিখিত ভাবে দাখিল কৰাটো যথেষ্ঠ তাৎপৰ্যপূৰ্ন হৈ উঠিছে । থানাৰ লকাপত থকা লোকৰ সৈতে বুঝাবুঝি কেনেকৈ হৈছিল ? বুঝাবুঝি যদি হৈছিল তেন্তে গোচৰ কিয় তৰা হল ?
অৰ্থ কিংবা ভাবুকিৰ বাবে ছাত্ৰীয়ে যদি সমঝতাৰ বিষয়টো উত্থাপন কৰিছে তেন্তে এয়া সমাজৰ বাবে হব অধিক অমঙ্গলৰ কথা । জানিবপৰা মতে যি ছাত্ৰীয়ে আতিশয্যৰ অভিযোগ আনিছে সেই ছাত্ৰী কলা শাখাৰ । অথচ অভিযোগ আনিছে বিজ্ঞান শাখাৰ অধ্যাপকৰ উপৰত । ফলতে ক্লাছত শিক্ষক জনে ছাত্ৰীৰ গাত হাত দিয়াৰ প্ৰশ্ন নউঠে ।
তেন্তে সমগ্ৰ ঘটনাৰ আৰত আন কিবা ৰহস্য আছে নেকি ? সমগ্ৰ ঘটনাটো মনে সজোৱা নেকি । সঁচাকৈ যদি এনে হয় তেন্তে মিথ্যা গোচৰ তৰাৰ বাবে অভিযোগকাৰীৰ উপৰত " কাউন্টাৰ প্ৰচিকিউচন " কৰিব লাগে ।
জামিন দিয়াৰ পৰা আৰম্ভকৰি সমগ্ৰ ঘটনালৈ বৰাক উপত্যকাত সৃষ্ঠি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

BYTES:- 1. Govt Advocate (Sharmila Purkayastha)
2. Defendant Advocate (Rajib Das Purkayastha)
3. Lady social Activist ( Purnima Choudhury)                                                       

Conclusion:ঘটনাক লৈ ব্যাপক চৰ্চা চলিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.