কৰিমগঞ্জ,6 এপ্ৰিলঃ কৰিমগঞ্জৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰৰ বাবে গোচৰ ৰুজু বিজেপিৰ ৷ বৰাকৰ আগশাৰীৰ এখন বাতৰি কাকতৰ যুগশংখৰ বিৰুদ্ধে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে কৰিমগঞ্জ সদৰ থানাত এক গোচৰ ৰুজু কৰে ৷ প্ৰথম পৰ্যায়ত জিলা প্ৰশাসনে কাকত গোষ্ঠীক সকীয়নি প্ৰদান কৰি পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰে ৷ বিগত ৩১ মাৰ্চত জিলাখনৰ হাচানপুৰত অসমৰ প্ৰথম কৰ’ণা পজিটিভ ৰোগীক চিনাক্ত কৰা হৈছিল । ইয়াৰ দুদিন পিছতে ৰোগী গৰাকী সুস্থ এখন কাকতে বাতৰি প্ৰকাশ কৰি ৰাইজৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল ৷
এই বিভ্ৰান্তিৰ বাবে কৰিমগঞ্জ জিলা উপায়ুক্তই এক সংবাদমেল সম্বোধন কৰি বাতৰিটো ভুৱা বুলি ঘোষণা কৰিছিল ৷ সেয়ে ভুৱা বাতৰি প্ৰচাৰেৰে ৰাইজক বিভ্ৰান্ত কৰাৰ অপ্ৰয়োগৰ বাবে সৰৱ হয় কৰিমগঞ্জ বিজেপি ৷ কৰিমগঞ্জৰ জিলা বিজেপিৰ সভাপতি, এ আই ডি চিৰ অধ্যক্ষ মিশন ৰঞ্জন দাসসহ বিজেপিৰ এক প্ৰতিনিধি দলে দেওবাৰে কৰিমগঞ্জ সদৰ আৰক্ষী থানাত উপস্থিত হৈ যুগশংখ কাকতৰ সম্পাদক, সাংবাদিক, প্ৰকাশক গোষ্ঠীকে ধৰি চাৰিজনৰ বিৰুদ্ধে এক গোচৰ তৰে ৷ গোচৰ তৰাৰ পিছত বিজেপিৰ জিলা সভাপতি গৰাকীয়ে কাকতখনে প্ৰচাৰ কৰা বাতৰিটো সম্পূৰ্ণ মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত বুলি ব্যক্ত কৰে ৷ যি সময়ত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে দিনে নিশাই অক্লান্ত পৰিশ্ৰমেৰে ৰাইজক সুৰক্ষিত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে, একে সময়ত এনে বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনেৰে চৰকাৰৰ বিৰুদ্ধে অপযশ আনিবলৈ চেষ্টা চলাইছে । ব্যস্ত কাৰ্যসূচীৰ পিছতো বিগত সপ্তাহত দুবাৰকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকী ৷
লগতে চাওকঃ শিলচৰ আৰক্ষীৰ অভিনৱ পদক্ষেপ