কৰিমগঞ্জ, 10 আগষ্ট : কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্তৰ বাজাৰিচৰাত তিনিটাকৈ সন্দেহজনক উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ দীৰ্ঘদিনৰ পৰা নিজকে উগ্ৰপন্থীৰ পৰিচয় দি ব্যৱসায়ী আৰু অন্যান্য লোকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল এই দুষ্ট চক্ৰটোৱে ৷ জানিবপৰা মতে যিসকল লোকে তেওঁলোকক দাবী কৰা ধন নিদিয়ে তেওঁলোকক অপহৰণ কৰিছিল এই তিনিজনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে ৷
ঘটনা অনুসৰি শেহতীয়াকৈ বাজাৰিচৰা আৰক্ষী থানাৰ অধীনৰ ইচাৰপাৰ অঞ্চলৰ ব্যৱসায়ী আইনুল হকক এই তিনিজনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে ফোনযোগে দুই লাখ টকা দাবী কৰিছিল ৷ ইপিনে এসপ্তাহৰ ভিতৰত দাবী কৰা ধন নিদিলে আইনুল হকক অপহৰণ কৰিব আৰু মুক্তি পণৰ বাবে দহ লাখ টকা দিব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিল ৷ যদিহে দাবী কৰা টকা নিদিয়ে আইনুল হকক হত্যা কৰা হ’ব বুলিও ভাবুকি প্ৰদান কৰিছিল সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে ৷
লগতে পঢ়ক : খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ
আইনুল হকে উগ্ৰপন্থীৰ ভাবুকি পাই সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ ইপিনে মঙলবাৰে উগ্ৰপন্থীক দাবী কৰা ধন দিয়াৰ অন্তিম তাৰিখ আছিল ৷ সেই অনুসৰিয়েই আইনুলহকে দাবী কৰা ধন দিবৰ বাবে লোৱাৰইৰপোৱালৈ আহি আছিল ৷ উল্লেখযোগ্য যে, ইতিমধ্যে আইনুলে আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰি থৈছিল ৷ সেই অনুসৰিয়ে অসামৰিক পোছাকত আইনুল হকৰ পিছে পিছে আৰক্ষীও আহিছিল ৷
তাৰপাছতে টকা নিবলৈ অহা তিনি সন্দেহযুক্ত উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী ৷ আৰক্ষীয়ে আটক কৰা সন্দেহযুক্ত উগ্ৰপন্থী তিনিটা হৈছে ক্ৰমে ত্ৰিপুৰাৰ চুড়াইবাৰী জিলাৰ পুলিন্দ্ৰ ত্ৰিপুৰা, কৰিমগঞ্জৰ ইচাৰৰপাৰ অঞ্চলৰ কাজল নমশূদ্ৰ আৰু ইটাবিলৰ মণিলাল কোহাৰ ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত সন্দেহযুক্ত উগ্ৰপন্থী তিনিটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷
জানিবপৰা মতে, ধৃত সন্দেহযুক্ত উগ্ৰপন্থী তিনিটাই ত্ৰিপুৰা আৰু অসমত এনে দৰে বহু লোক ধন দাবী কৰি আহিছিল ৷ আৰক্ষীৰ অধিক তদন্তৰ পাছতহে পোহৰলৈ আহিব আৰু কোন কোন জড়িত হৈ আছে এই দুষ্ট চক্ৰটোৰ সৈতে ৷