ETV Bharat / state

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী - কৰিমগঞ্জ আৰক্ষী

কৰিমগঞ্জত আছাম ৰাইফেলছৰ বৃহৎ সাফল্য ৷ কৰিমগঞ্জৰ গিৰিশগঞ্জৰ পৰা চাৰি হাজাৰ নিচাজাতীয় টেবলেটসহ আটক কৰিলে ধৃত তিনি যুৱকক ৷ আৰক্ষীৰ ভূমিকাক লৈ ৰহস্য ৷

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী
author img

By

Published : Nov 14, 2019, 7:02 PM IST

কৰিমগঞ্জ, 14 নৱেম্বৰ: কৰিমগঞ্জৰ গিৰিশগঞ্জত আছাম ৰাইফলছ আৰু সেনাৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট। গিৰিশগঞ্জ এলেকাৰ পৰা চাৰি হাজাৰ নিচাজাতীয় টেবলেটসহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ আটকাধীন যুৱক কেইজন হৈছে আলতাফ হুছেইন,ৰুহুল আলম আৰু আহমদ চুলতান ৷ আছাম ৰাইফলছৰ 29 নং বেটেলিয়নৰ জোৱানে নিচাযুক্ত সামগ্ৰীসহ যুৱক কেইজনক আটক কৰি গতাই দিয়ে কৰিমগঞ্জ সদৰ থানাত ৷ কিন্তু কৰিমগঞ্জ আৰক্ষীৰ ভূমিকাক লৈ উঠিছে প্ৰশ্ন ৷

নিচা জাতীয় সামগ্ৰী
নিচা জাতীয় সামগ্ৰী

কিয়নো সেনা জোৱানৰ অভিযানত আটকাধীন তিনি যুৱকক এৰি দিয়াৰ চেষ্টা চলাইছে কৰিমগঞ্জ আৰক্ষীয়ে। প্ৰথমতে কৰিমগঞ্জৰ সদৰ থানাৰ আৰক্ষীয়ে ধৃত যুৱক কেইজনক কেমেৰাৰ সন্মুখত মন্তব্য দিয়াৰ পৰা বিৰত ৰাখে। একাংশ লোকৰ অভিযোগ,পৰৱৰ্তী সময়ত সন্দেহযুক্ত অভিযুক্ত সকলৰ আত্মীয়ৰ সৈতে আৰক্ষীয়ে থানাৰ পৰা সামান্য আঁতৰত বহু সময় ধৰি গোপন কথা বাৰ্তাত লিপ্ত হয়।

কৰিমগঞ্জত জব্দ নিচা জাতীয় সামগ্ৰী, আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন ?

ইপিনে সাংবাদিক সকলৰ হেঁচাত আৰক্ষীগৰাকীয়ে টেবলেট সমূহ দেখুৱাই যদিও বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰে । তদন্তকাৰী আৰক্ষীগৰাকীৰ মতে লোক কেইজনক আটক কৰাৰ সময়ত তেওঁ উপস্থিত নাছিল । কিন্তু পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰি তেওঁ উল্লেখ কৰে ধৃত লোককেইজনৰ লগত টেবলেট উদ্ধাৰ হোৱা নাছিল। টেবলেটখিনি পথৰ দাঁতিত হে পোৱা গৈছিল ।

এতিয়া প্ৰশ্ন উঠিছে যদিহে তেওঁ অভিযানত উপস্থিত নাছিল তেন্তে তেওঁ কেনেকৈ জানিলে পালে ধৃত যুৱক কেইজনৰ লগত টেবলেট উদ্ধাৰ হৈছিল নে নাই। ইয়াৰ উপৰিও সাংবাদিকে প্ৰায় 6 ঘন্টা জুৰি অনুৰোধ জনোৱাৰ পাছতো ধৃত সকলৰ ছবি ল’বলৈ মান্তি নহ’ল কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে।

লগতে চাওক-তথ্য জনা অধিকাৰ আইনৰ অধীনলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়

Intro:কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰীBody:SLUG: DRUGS SEIZED WITH PADDLER, SUSPNSE, VISIUAL, KARIMGANJ
আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে আছাম ৰাইফেলছে । কৰিমগঞ্জৰ গিৰিশগঞ্জ এলাকাৰ পৰা চাৰি হেজাৰ নেচাজাতীয় টেবলেট সহ হাতেলোটে আটক কৰে আছাম ৰাইফেলছৰ জোৱানে | গতাই দিয়া হয় কৰিমগঞ্জ সদৰ থানাত । কিন্তু ইয়াৰ পাছতো আৰক্ষীৰ সন্দেহ আছাম ৰাইফেলছৰ জোৱানৰ উপৰত । আনকি কৰিমগঞ্জ সদৰ থানাত গতাই দিলেও আৰক্ষীয়ে ৰহস্যজনকভাবে অভিযুক্তক বচোৱাৰ চেষ্ঠা চলাই আছে |
অবৈধ ড্ৰাগছৰ বিৰুদ্ধে সম্পূৰ্ণ ব্যৰ্থ হৈছে নেকি কৰিমগঞ্জ আৰক্ষী। কিয়নো বিফল হোৱা আৰক্ষীৰ অভিযানত সাফল্য লাভ কৰা সেনা জওয়ানৰ হাতত আটক তিন যুবকক আৰক্ষীয়ে এৰি দিয়াৰ অপচেষ্টা । সেনাৰ হাতত আটক তিন যুবকক কোন ৰহস্যজনক কাৰণে সাংবাদিকৰ সম্মূখত পৌহৰলৈ আনিব নিদিলে । আৰক্ষীয়ে বচাবলৈ ললে ৰহস্যজনক ভূমিকা
আছাম ৰাইফেলছৰ সেনা অভিযানত কৰিমগঞ্জত জব্দ বৃহত পৰিমানত নেচা জাতীয় টেবলেট । হাতেলোটে আটক কৰিলে তিনি ড্ৰাগছ সৰবৰাহকাৰিক | জিলাৰ গিৰিশগঞ্জ এলাকাৰ পৰা চাৰি হেজাৰ নেচাজাতীয় টেবলেট সহ হাতেলোটে তিনি যুবকক আটক কৰে আছাম ৰাইফেলছৰ সেনা জোৱানে | সেনা নেচাজাতিয় টেবলেট সহ আটকাধীন সকলৰ নাম আলতাফ হুছেইন, ৰুহুল আলম আৰু আহমদ চুলতান | আছাম ৰাইফেলছৰ ২৯নং বেটেলিয়নৰ জোৱানে নেচাজাতিয় টেবলেট সহ লোকেইজনক কৰিমগঞ্জ সদৰ থানাত গতাই দিলেও আৰক্ষীয়ে ৰহস্যজনকভাবে অভিযুক্তক বচোৱাৰ চেষ্ঠা লিপ্ত হয় | প্ৰথমতে কৰিমগঞ্জৰ সদৰ থানাৰ আৰক্ষীয়ে ধৃত সকলক কেমেৰাৰ আগত অনা, কোনও মন্তব্য দিয়াৰ পৰা বিৰত থাকে । পৰবৰ্তিত সন্দেহযুক্ত অভিযুক্ত সকল আত্মীয়য় তেঁওলোকক থানাৰ পৰা মুকুলাই নিয়াৰ বাৱে আহিলে আৰক্ষীয়ে থানাৰ পৰা সামন্য আঁতৰি বহু সময় ধৰি তেঁওলোকৰ সৈতে গোপন কথা পাতে । যি দৃশ্য আমাৰ কেমেৰাতো বন্দি হয় । পৰবৰ্তিত সাংবাদিক সকলৰ হেঁচাত আৰক্ষী গৰাকিয়ে টেবলেট সমূহ দেখুৱাই বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰে । তদন্তকাৰি আৰক্ষী গৰাকিৰ মতে লোককেইজনক আটক কৰাৰ সময় তেঁও হেনু উপস্থিত নাছিল । কিন্তু পৰবৰ্তিত ভাষ্য সলনি কৰি কয়, ধৃত লোককেইজনৰ লগত টেবলেট পোৱা নাছিল । টেবলেটখিনি হেনু পথৰ দাঁতিত পোৱা গৈছে । ইয়াতে স্বাভাবিকতে প্ৰশ্ন উঠে যদি অভিযানত নাছিল তেন্তে তেঁও কেনেকৈ জানিলে ধৃত সকলৰ লগত টেবলেট নাছিল । ইয়াৰ উপৰিও সাংবাদিকে প্ৰায় ৬ঘন্টা জুৰি অনুৰোধ জনোৱাৰ পাছতো ধৃত সকলৰ ছবি লবলৈ মান্তি নহল কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে ।
                   Conclusion:আৰক্ষীয়ে ৰহস্যজনকভাবে অভিযুক্তক বচোৱাৰ চেষ্ঠা চলাইছে|
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.