কৰিমগঞ্জ, 18 জুলাই : কৰ’ণাতংকৰ মাজতে কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ শনিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীৰ অভিযানত জব্দ হৈছে ড্ৰাগছসহ দুজনকৈ বেপাৰী ৷
উল্লেখ্য যে, মুঠ 19 টা টিউব ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় তাজ উদ্দিন আৰু কলিম উদ্দিন নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 1 লাখ টকা বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, জিলাখনৰ পাথাৰকান্দি সমষ্টিটোক ড্ৰাগছৰ বেহাৰ ‘চীফ কৰিডৰ’ত পৰিণত কৰিছে ড্ৰাগছ বেপাৰীসকলে ৷ পাথাৰকান্দিৰ পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ হয় ড্ৰাগছ , ফেনচিডিল, ইয়াবা টেবলেটকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী ৷
লগতে পঢ়ক : বিগত এমাহে জলমগ্ন ডিব্ৰুগড়ৰ লেজাই-কলাখোৱা অঞ্চল