ETV Bharat / state

কৰিমগঞ্জত আৰক্ষী-বিএছএফৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Aug 15, 2021, 7:41 PM IST

ৰাজ্যত অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ অভিযান ৷ এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছসহ বৃহৎ বৃহৎ ড্ৰাগছসৰবৰাহকাৰী চক্ৰ আৰক্ষীৰ জালত পৰি আহিছে ৷ শনিবাৰেও কৰিমগঞ্জত আৰক্ষীৰ জালত পৰিল প্ৰায় সাত লাখ টকা মূল্যৰ ড্ৰাগছসহ সৰবৰাহকাৰী ৷

drugs-pedder-arrest-in-karimganja
কৰিমগঞ্জত আৰক্ষী-বিএছএফৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জ, 15 আগষ্ট : ৰাজ্যৰ চৌদিশে অসম আৰক্ষীয়ে ইটোৰ পাচত সিটো ড্ৰাগছৰ ঘাটি উৎখাত কৰিছে । আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰা ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ড্ৰাগছ সৰবৰাহৰ দৰে সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰে সদায় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে ইতিমধ্যে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে প্ৰশাসন আৰু আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰাবাহিকভাৱে অভিয়ান চলাই ইটোৰ পাছত সিটো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পাচতো কিন্তু ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰিব পৰা নাই ৷ প্ৰশাসন তথা অসম আৰক্ষীৰ তৰফৰ পৰা এটাৰ পাচত আনটো ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছে আৰু প্ৰত্যেকটো অভিযানতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ সৰবৰাহকাৰী আটক কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ জিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে বজালীত উদযাপন স্বাধীনতা দিৱস

তাৰ মাজতে দেওবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত বৃহৎ পৰিমাণৰ ড্ৰাগ্ৰছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু বিএছএফৰ এটা অভিযানকাৰী দল ৷ এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি পাথাৰকান্দি ৰেলৱে ষ্টেচনৰ পৰা ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হৈছে সৰবৰাহকাৰীটোক আৰক্ষী আৰু বি এছ এফে ৷

অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হোৱা ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে হাৰিছ মিঞা ৷ ইপিনে আটকাধীন সৰবৰাহকাৰীটোৰ ঘৰ ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তৰ সোণামোৰাত বুলি জানিব পৰা গৈছে ৷ ত্ৰিপুৰাৰ পৰা কৰিমগঞ্জৰ পাথাৰকান্দিলৈ ড্ৰাগছ নিবলৈ আহিছিল হাৰিছ মিঞা ৷ আৰক্ষী আৰু বিএছএফে আটক কৰা হাৰিছ মিঞাৰ পৰা 25 গ্ৰাম ড্ৰাগছসহ কেইবাহাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷ যাৰ বজাৰ মূল্য প্ৰায় ছয়ৰ পৰা সাত লাখ টকা পৰ্যন্ত হ’ব ৷

সম্প্ৰতি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীটোৱ পাথাৰকান্দিৰ কোনজন ব্যক্তিৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল ৷ উল্লেখযোগ্য যে, কৰিমগঞ্জ এক প্ৰকাৰ ড্ৰাগছৰ ঘাটিললৈ ৰূপান্তৰ হৈছে বুলি স্থানীয় একাংশ সচেতন মহলে উল্লেখ কৰিছে ৷

লগতে পঢ়কঃ টিংখাঙত 'ককা' ই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.