কৰিমগঞ্জ, 7 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ পৰা সম্পূৰ্ণ ৰূপে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ তৎপৰ হৈছে ৰাজ্যৰ প্ৰশাসনো ৷ কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু এগৰাকী সেৱনকাৰী ৷
প্ৰাপ্ত তথ্য অনুসৰি, কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীৰ অভিযানত আটক হৈছিল এগৰাকী ড্ৰাগছ কাৰবাৰী আৰু এগৰাকী সেৱনকাৰী । আটক হোৱা দুগৰাকী যুৱক ক্ৰমে চেংজুৰ অঞ্চলৰ জিয়া উদ্দিন আৰু নয়াদহৰ অঞ্চলৰ বচিৰ আহমদ জিয়া উদ্দিন বুলি চিনাক্ত কৰা হৈছে ৷
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল বশিৰ উদ্দিন । আৰক্ষীৰ জালত পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰি শোধপোচ অব্যাহত ৰাখিছে ৷ সোমবাৰে দুয়োগৰাকী আটকাধীন ব্যক্তিক আদালত লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক: গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ