ETV Bharat / state

ধ্ৰুৱজ্যোতি নাথ হত্যাকাণ্ড : ন্যায়ৰ দাবী সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনৰ - Dhrubajyoti Nath murder

ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিৰ হত্যাকাণ্ডই সমগ্ৰ বৰাক উপত্যকা উত্তেজিত কৰি তোলাৰ সময়তে ন্যায়ৰ দাবী কৰে সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনে ৷ এই সংগ্ৰামৰ অংশীদাৰ হ'বলৈ সকলো ৰাইজকে আহ্বান জনাই সংগঠনে ৷

ন্যায়ৰ দাবী সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনৰ
ধ্ৰুৱজ্যোতি নাথ হত্যাকাণ্ড
author img

By

Published : Aug 11, 2020, 9:29 AM IST

কৰিমগঞ্জ, 11 আগষ্ট : শিলচৰত সংঘটিত লোমহৰ্ষক ধ্ৰুৱজ্যোতি নাথ হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনে । সোমবাৰে ছাত্ৰ সংগঠনটোয়ে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ সংগঠনৰ ফালৰ পৰা শিশুটিৰ হত্যাত জড়িত অভিযুক্তক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে ন্যায়ৰ বাবে এই সংগ্ৰামত অংশীদাৰ হ’বলৈ ৰাইজক আহ্বান জনায় ৷

ধ্ৰুৱজ্যোতি নাথ হত্যাকাণ্ড

উল্লেখ্য যে, কাজিডহৰৰ দিব্যজ্যোতি নাথ নামৰ লোকজনৰ ঘৰৰ খিৰিকী ভাঙি দুৰ্বৃত্তই অপহৰণ কৰিছিল পাঁচমহীয়া শিশুটি ৷ পাচত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোৰ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ সম্প্ৰতি শিশু অপহৰণ তথা হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তেজিত ৰাইজে শুকুৰবাৰে অৱৰোধ কৰে শিলচৰ-মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ৷ সোণাই আৰক্ষী থানাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ উপৰিও দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক আহ্বান জনায় ৷ উক্ত ঘটনাই সমগ্ৰ বৰাক উপত্যকাতে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : মৰিগাঁৱত চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.