ETV Bharat / state

পাথাৰকান্দিত বিধায়ক কৃষ্ণেন্দু পালে বিতৰণ কৰিলে চাহ বাগিছা ধন পুৰস্কাৰ - পুতনি, বুবিঘাট আৰু হাতিখিৰা বাগানৰ শ্ৰমিকসকলক আঁচনিৰ জৰিয়তে ধনৰ তৃতীয় অংশ বিতৰণ

'অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁঁচনি-২০২০' ৰ অধীনত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত পুতনি,বুবিঘাট আৰু হাতিখিৰা বাগানৰ শ্ৰমিকসকলক আঁচনিৰ জৰিয়তে ধনৰ তৃতীয় অংশ বিতৰণ কৰা হয় চাহ শ্ৰমিকসকলৰ মাজত ।

চাহ বাগিছা ধন পুৰস্কাৰ
চাহ বাগিছা ধন পুৰস্কাৰ
author img

By

Published : Feb 6, 2021, 11:20 AM IST

কৰিমগঞ্জ, ৬ ফেব্ৰুৱাৰী: 'অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁঁচনি-২০২০'ৰ অধীনত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত পুতনি, বুবিঘাট আৰু হাতিখিৰা বাগানৰ শ্ৰমিকসকলক আঁচনিৰ জৰিয়তে ধনৰ তৃতীয় অংশ বিতৰণ কৰা হয় । এই আঁচনিৰ অধীনত ধনৰ অংশ বিতৰণ কৰে পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালে ।

চাহ বাগিছা ধন পুৰস্কাৰ
চাহ বাগিছা ধন পুৰস্কাৰ

অনুষ্ঠানত শ্ৰমিকসকলক ধনৰ অংশ বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে বিজেপি চৰকাৰে চাহ বাগিছাৰ শ্ৰমিকসকলৰ বাবে আৰু বহু উন্নয়নমূলক আঁচনি ইতিমধ্যে হাতত লৈছে । এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ লগতে বাগিছাৰ মেনেজাৰ-কৰ্মচাৰী আদি ।

পাথাৰকান্দিত চাহ বাগিছা ধন পুৰস্কাৰ
পাথাৰকান্দিত চাহ বাগিছা ধন পুৰস্কাৰ

উল্লেখ্য যে,ৰাজ্যৰ চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে এক বিশেষ আঁচনি ৰূপায়ণ কৰিছিল শাসনাধীন বিজেপি চৰকাৰে । 'চাহ বাগিছা ধন পুৰস্কাৰ আঁচনি'ৰ জৰিয়তে বাগিছাৰ শ্ৰমিকসলক বিশেষ আৰ্থিক সাহাৰ্য বিতৰণ কৰা হয় ।

লগতে পঢ়ক:শ্বহীদৰ স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ তেজপুৰৰ অধিবক্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.