ETV Bharat / state

কৰিমগঞ্জত শীঘ্ৰেই স্থাপন কৰা হ'ব শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰ কলাক্ষেত্ৰ

পুনৰ অসম চুক্তিৰ ৬ষ্ঠ অনুচ্ছেদৰ অধীনত অন্যান্য জনগোষ্ঠীসকলৰ লগতে, বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীকো সামৰি লোৱাৰ দাবী উত্থাপন ৷ নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষিকীয় কেন্দ্ৰীয় অধিবেশনৰ সময়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ আগত এই দাবী উত্থাপন কৰে কৰিমগঞ্জ জিলাৰ লগতে অধিবেশনত অংশগ্ৰহণ কৰা বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ৷

author img

By

Published : Feb 5, 2020, 6:28 PM IST

demands of bishnupriya manipuri will be fulfilled soon says minister dole at karimganj
কৰিমগঞ্জত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষীকিয় কেন্দ্ৰীয় অধিৱেশন

কৰিমগঞ্জ, 5 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ ৰাতাবাড়ি সমষ্টিৰ হৰিনগৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষিকীয় কেন্দ্ৰীয় অধিবেশন । অধিবেশনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৷ দলেৰ লগতে কাৰ্যসূচীত উপস্থিত থাকে ৰাতাবাড়ি সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, শিলচৰৰ বিধায়ক দিলীপ পাল আৰু কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মাল্লাই ৷ অধিবেশনত অংশগ্ৰহণ কৰে অসমৰ লগতে কলকাতা আৰু মনিপুৰসহ অন্যান্য ৰাজ্যৰ লগতে বাংলাদেশৰ বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীৰ লোকসকলে ৷

কৰিমগঞ্জত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষীকিয় কেন্দ্ৰীয় অধিৱেশন

অধিবেশনত অংশগ্ৰহণ কৰি মন্ত্ৰী নৱ কুমাৰ দলে, বিষ্ণুপ্ৰিয়া মনিপুৰীসকলৰ বাবে কৰিমগঞ্জত শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰ কলাক্ষেত্ৰ বনাই দিয়াৰ লগতে এইবাৰৰ বাজেট অধিবেশনত পূঁজি আবন্টন দিয়া হ'ব বুলি প্ৰকাশ কৰে ৷ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ দৰেই শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰ কলাক্ষেত্ৰ বনোৱা হ'ব বুলি প্ৰকাশ কৰে মন্ত্ৰী নৱ কুমাৰ দলে ৷ ইয়াৰ উপৰিও অসম চুক্তিৰ ৬ষ্ঠ অনুচ্ছেদৰ অধীনত অন্যান্য জনগোষ্ঠীসকলৰ লগতে, বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীকো সামৰি লোৱাৰ দাবী পুনৰ উত্থাপন কৰে জনগোষ্ঠীটোৰ প্ৰতিনিধিসকলে ৷ এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে, যিহেতু সকলো জাতি-জনগোষ্ঠীক লৈ সৰ্বানন্দ সোণোৱাল চৰকাৰ আগবাঢ়ি আহিছে গতিকে তেওঁলোকৰ এই দাবীৰ ক্ষেত্ৰতো চৰকাৰে এক গঠনমুলক ভূমিকা গ্ৰহন কৰিব ।

Intro:Body:SLUG: DEMANDS OF BISHNUPRIYA MANIPURI WILL BE FULFILLED SOON, SAYS DOLE, KARIMGANJ
খিলঞ্জীয়াৰ মৰ্যদ্যা সহ বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠিৰ আন আন দাবিক শীঘ্ৰেই সীকৃতি দিয়াৰ চেষ্টা কৰা হব | শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে বিষ্ণুপ্ৰিয়া মনিপুৰী সকলৰ বাৱে কৰিমগঞ্জত শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰ কলাক্ষেত্ৰ বনাই দিয়াৰ বাৱে এইবাৰৰ বাজেট অধিবেশনতে পুঁজি আবন্ঠন দিয়া হব | নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষীকিয় কেন্দ্ৰীয় অধিবেশনত যোগ দি এনে প্ৰতিশ্ৰুতি দিয়ে সাংস্কৃতিত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয় ।
কৰিমগঞ্জৰ ৰাতাবাড়ি সমষ্ঠিৰ হৰিনগৰত তিনিদিনিয়া কাৰ্য্যসূচিৰে পালিত হয় নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষীকিয় কেন্দ্ৰীয় অধিবেশন । অধিবেশনৰ সামুৰনি অনুষ্ঠাত মংগলবাৰে মুখ্য অতিতি হিচাপে উপস্থিত হয় সাংস্কৃতিত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে । লগতে উপস্থিত থাকে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, ৰাতাবাড়িৰ বিধায়ক বিজয় মালাকাৰ, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, শিলচৰৰ বিধায়ক দিলিপ পালকে ধৰি বৰাকৰ বহু বিশিষ্ট লোক । অধিবেশনত যোগ দিছিল গোটে অসমকে ধৰি কলকাতা সহ আন ৰাজ্যত থকা বিষ্ণুপ্ৰিয়া মনিপুৰি জনগোষ্ঠিৰ প্ৰতিনিধি সকল । আনকি বাংলাদেশৰ পৰা অহা প্ৰতিনিধিয়েও অংশগ্ৰহন কৰিছিল এই অধিবেশনত । অধিবেশনৰ মুকুলি সভাত অধিকাংশ মনিপুৰী সমাজৰ প্ৰতিনিধিৰ লগতে স্থানীয় সাংসদ বিধায়ক আৰু নেতাসকলে বিষ্ণুপ্ৰিয়া মনিপুৰি সমাজৰ উন্নতিৰ হকে কেইবাটাও দাবি ৰাখে । দাবিৰ মাজত বিশেষ কৈ অসম চুক্তিৰ ৬ষ্ঠ অনুচ্ছেদৰ অধিনত বিষ্ণুপ্ৰিয়া মনিপুৰি জনগোষ্টিক খীলঞ্জিয়াৰ মৰ্য্দা দিয়া আৰু কৰিমগঞ্জৰ হৰিনগৰ এলাকাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে বিষ্ণুপ্ৰিয়া মনিপুৰী সকলৰ গুৰুজনা শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰৰ নামত কলাক্ষেত্ৰ বনাই দিয়াৰ দাবি গুৰুত্বপূৰ্ণ আছিল । ভাষন প্ৰসংগত মন্ত্ৰীয়ে ঘোচনা কৰে এইবাৰৰ বাজেট অধিবেশনতে কলাক্ষেত্ৰ নিৰ্মানৰ বাৱে নিৰ্দিষ্ট এটা পুঁজি আবন্ঠন দিয়া হব । বিষ্ণুপ্ৰিয়া মনিপুৰি জনগোষ্টিক খীলঞ্জিয়াৰ মৰ্য্দা দিয়া সন্ধৰ্ভত আমাৰ সৈতে এক সাক্ষাতকাৰত মন্ত্ৰী নৱ কুমাৰ দলেয় কয়, যিহেতু সকলো জাতি জনগোষ্ঠিক লৈ সৰ্বানন্দ সনোৱাল চৰকাৰ আগ বাঢ়ি আছে গতিকে তেঁলোকৰ এই দাবীৰ ক্ষেত্ৰতো চৰকাৰে এক গঠমুলক ভূমিকা গ্ৰহন কৰিব ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.