ETV Bharat / state

নিলামবাজাৰ আৰক্ষীৰ জালত গৰু চোৰ - চন্দন নমসুদ্র

নিলাম বজাৰ আৰক্ষীয়ে চলোৱা এক গোপন অভিযানত গ্ৰেপ্তাৰ কৰে গৰু চোৰটোক ৷ চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা গৰু ৷

নিলামবাজাৰ আৰক্ষীৰ জালত গৰু চোৰ
নিলামবাজাৰ আৰক্ষীৰ জালত গৰু চোৰ
author img

By

Published : Nov 5, 2020, 10:18 AM IST

কৰিমগঞ্জ,5 নৱেম্বৰঃ কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষীৰ জালত পৰিছে এটা গৰু চোৰ ৷ বিশেষ সূত্ৰৰ পম খেদি নিলাম বজাৰ আৰক্ষীয়ে চলোৱা এক গোপন অভিযানত গ্ৰেপ্তাৰ কৰে গৰু চোৰটোক ৷ লগতে চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা গৰু ৷

জানিব পৰা মতে কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পিৰৰছকৰ পৰা আটক কৰে গৰু চোৰটোক । এক অভিযোগৰ ভিত্তিত নিলামবাজাৰ আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় চোৰটো । আটক কৰা চোৰটোৰ নাম চন্দন নমসুদ্র বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে । লগতে চোৰটোৰ পৰা উদ্ধাৰ কৰা হয় এটা চুৰি গৰু। ঘটনা সম্পৰ্কত নিলামবাজাৰ আৰক্ষীয়ে 223/2020 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ভাৰত বাংলা সীমান্তৰ কৰিমগঞ্জত বিগত কেইমাহ মানৰ পৰা ব্যাপক হাৰত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা । প্ৰতিদিনে সংঘটিত হৈছে চুৰিৰ ঘটনা ৷ টোৰৰ বাবে নিশা উজাগৰে থাকিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে অঞ্চলটোত ৷ নিশা হ'লেই চোৰে অনায়াসে গোহালিৰ পৰা কেনেকৈ গৰু চোৰ কৰিব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে ৰাইজ ।

লগতে চাওকঃ লাহোৱালত উদ্ধাৰ লতা মাকৰী বাঘ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.