কৰিমগঞ্জ, ১৮ মে': ত্রিপুৰাৰ পৰা পলাই কৰিমগঞ্জত উপস্থিত দুই ব্যাক্তি। কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ সোনাখিৰা আৰক্ষীয়ে আটক কৰে ব্যক্তি দুগৰাকীক । উল্লেখ্য যে, দিনক দিনে ত্ৰিপুৰাত বৃদ্ধি পাইছে কৰ'ণাৰ প্ৰকোপ । যাৰ বাবে লকডাউনৰ ক্ষেত্ৰত কঠোৰ হৈছে ত্ৰিপুৰা চৰকাৰ ।
সেয়হে নিজ ঘৰলৈ উভতি যোৱাৰ উদ্দেশ্য উত্তৰ ত্রিপুৰাৰ ধর্মনগৰ পৰা প্রশাসনৰ চকুত ধূলি দি ৰে'ল লাইনেৰে খোজকাঢ়ি পঞ্জাৱ যোবাৰ উদ্দেশ্যে অসমত প্রবেশ কৰে ব্যক্তি দুগৰাকীয়ে । কিন্তু সোমবাৰে পাথাৰকান্দি আৰক্ষীয়ে সোনাখিৰা ৰে'ল ষ্টেচনত সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰি দুয়োজন ব্যক্তিক পাথাৰকান্দি চিকিৎসায়লৈ পঠিয়াই দিয়ে । আনহাতে,চিকিৎসায়লয়ত ১৪ দিনৰ বাবে কোৱাৰেন্টাইন কৰে পঞ্জাৱৰ বিক্রমজিৎ সিং আৰু গুৰুলাল সিং নামৰ ব্য়ক্তি দুগৰাকীক ।