কৰিমগঞ্জ, 26 জানুৱাৰী : আজি 72 সংখ্যক গণৰাজ্য দিৱস ৷ এই উপলক্ষে দেশৰ সকলো প্ৰান্ততে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গণতন্ত্ৰ দিৱস ৷ কিন্তু দুখৰ বিষয় ভাৰতবৰ্ষৰ আজিৰ এই বিশেষ দিনটোতে কৃষকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী ৷
গণৰাজ্য দিৱসৰ দিনটোতে দেশৰ কৃষক সকলে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই পাথাৰকান্দিত কংগ্ৰেছে উলিয়াই দহ কিলোমিটাৰ এক পদযাত্ৰা । পাথাৰকান্দি ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত সোনাখিৰাৰ পৰা 200 মিটাৰ দীঘল ভাৰতীয় জাতীয় পতাকা লৈ নতুন কৃষি আইন প্ৰত্যাহাৰ দাবীত এই প্ৰতিবাদী পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
এই পদযাত্ৰাত অংশ গ্ৰহণ কৰে পাথাৰকান্দি ব্লক যুৱ কংগ্ৰেছৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে । সোনাখিৰাৰ পৰা এই পদযাত্ৰাই পাথাৰকান্দি চহৰ ভ্ৰমণ কৰে ৷
লগতে পঢ়ক: জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ